গৰীয়া, মৰিয়া, দেশী, জলাহ আৰু চৈয়দলৈ খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি…

আজি জনতা ভৱনত অনুষ্ঠিত কেবিনেট বৈঠকত ৰাজ্য চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।

বৈঠকৰ অন্তত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু কেশৱ মহন্তই সংবাদমেল সম্বোধন কৰি সিদ্ধান্ত সমূহৰ বিষয়ে সদৰি কৰে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত লোৱা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

সেই অনুসৰি অসমৰ ৫টা ইছলাম ধৰ্মাৱলম্বী লোকলৈ স্বীকৃতি প্ৰদান কৰে কেবিনেটে।

মুঠ ৫ টা ইছলাম ধৰ্মাৱলম্বী লোকলৈ অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি।

গৰীয়া, মৰিয়া, দেশী, জলাহ আৰু চৈয়দলৈ এই স্বীকৃতি প্ৰদান অসম চৰকাৰৰ।