fbpx
অসমীয়াঅসম

গ্ৰেপ্তাৰ হোৱাৰ আশংকা দেখিলেই ডুবাই অথবা মুম্বাইলৈ পলায়ন কৰে বদৰুদ্দিন আজমলেঃ সাংসদ আব্দুল খালেক

নিউজ ডেস্কঃ গ্ৰেপ্তাৰ হোৱাৰ আশংকা দেখিলেই ডুবাই বা মুম্বাইলৈ পলায়ন কৰে বদৰুদ্দিন আজমলে। -এই মন্তব্য কংগ্ৰেছৰ সাংসদ আব্দুল খালেকে।

সংবাদ মাধ্যমৰে বাৰ্তালাপ কৰি সোমবাৰে শাসকীয় বিজেপি আৰু এআইইউডিএফক ক্ষুৰধাৰ সমালোচনা কৰে সাংসদগৰাকীয়ে। এআইইউডিএফৰ বিজেপিক কথাত উঠা-বহা কৰা এটা ভীৰু দল বুলিও অভিহিত কৰে সাংসদ আব্দুল খালেকে।

তেওঁ কয়, ‘বিৰোধী হ’বলৈ বুকুত সাহ থাকিব লাগিব। কিন্তু এআইইউডিএফ এটা ভীৰুৰ দল। গ্ৰেপ্তাৰ হোৱাৰ আশংকা দেখিলেই বদৰুদ্দিন আজমলে ডুবাই অথবা মুম্বাইলৈ পলায় যায়। বিজেপিৰ কথাত উঠাবহা বদৰুদ্দিন আজমলে সেয়ে ভাতৃ আৰু আন নেতাৰ মুখেৰে হিমন্ত বিশ্ব শৰ্মা শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি কয়।’

ইফালে বিজেপি চৰকাৰক সমালোচনা কৰি সাংসদগৰাকীয়ে কয় যে যোৱা ৬ বছৰে হিমন্ত বিশ্ব শৰ্মাৰে চৰকাৰ চলি আছে। সৰ্বানন্দ সোণোৱাল নামতহে মুখ্যমন্ত্ৰী আছিল, প্ৰকৃততে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আছিল।

ইফালে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এবছৰৰ সম্পূৰ্ণ হোৱাৰ ক্ষণত চৰকাৰখনক দহৰ ভিতৰত কিমান নম্বৰ বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত আব্দুল খালেকে কয় যে তেওঁ প্ৰায় ২ নম্বৰ দিব। কিন্তু হিংসা বিয়পোৱাৰ ক্ষেত্ৰত এই চৰকাৰখনে ৮তকৈ অধিক নম্বৰ পাব বুলি মন্তব্য কৰে কংগ্ৰেছৰ সাংসদ আব্দুল খালেকে।

Related Articles

Leave a Reply

Back to top button