গ্ৰেপ্তাৰ হ’ল কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা নাৰায়ণ ৰাণে…

কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা নাৰায়ণ ৰানেক গ্ৰেপ্তাৰ আৰক্ষীৰ।

ৰত্নগিৰিত আৰক্ষীয়ে কেন্দ্ৰীয় মন্ত্ৰী নাৰায়ণ ৰাণেক গ্ৰেপ্তাৰ কৰিছে।

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকেৰেৰ প্ৰসংগত আপত্তিজন মন্তব্য কৰিছিল কেন্দ্ৰীয় মন্ত্ৰী নাৰায়ণ ৰাণে।

মহাৰাষ্ট্ৰ মুখ্য মন্ত্ৰীক চৰ সোধাম বুলি মন্তব্য কৰি বিতৰ্কৰ মাজত সোমাই পৰিছে কেন্দ্ৰীয় মন্ত্ৰী নৰায়ণ ৰানে।

ইয়াৰ পাছতে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ বিৰুদ্ধে দাখিল কৰা হৈছিল এজাহাৰ।

গ্ৰেপ্তাৰৰ পূৰ্বে জামিনৰ বাবে আবেদন কৰা হৈছিল যদিও সেই আবেদন নাকচ কৰে ৰত্নাগিৰি আদালতে।

ভাৰতীয় দণ্ড বিধি আইনৰ কেইবাটাও ধাৰাৰ অধীনত অপমান আৰু মানহানিকৰ মন্তব্যৰ বাবে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল।    

কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে মুখ্য মন্ত্ৰী উদ্ধৱ থাকৰক উদ্দেশ্য কৰি কৈছিল- ‘মুখ্য মন্ত্ৰীয়ে স্বাধীনতাৰ বৰ্ষৰ বিষয়ে নজনাটো লজ্জাজনক। তেওঁ বৰ্ষগণনা কৰা শিকিব লাগে…….মই সেই স্থানত থাকিলে প্ৰচণ্ড চৰ সোধালো হেতেন।’

উল্লেখ্য যে, ১৫ আগষ্টত স্বাধীনতা দিৱসৰ দিনটোত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই স্বাধীনতা কিমান বছৰ সেই সাংখ্যিক তথ্য ভুলকৈ কৈছিল।

সেই সন্দৰ্ভতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক এই মন্তব্যৰ বাবে দুটাকৈ গোচৰ ৰুজু কৰা হৈছিল।

নাচিকৰ পুলিচ কমিছনাৰ দীপক পাণ্ডে মন্ত্ৰী ৰাণেৰ বিৰুদ্ধে কঠোৰ হ’বলৈ নিৰ্দেশ প্ৰদান কৰিছিল আৰক্ষীক।

ৰাণেৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছিল মহাৰাষ্ট্ৰ আৰক্ষীই। ইয়াৰ পিছতেই সকলো চৰ্চা অৱসান ঘটাই মঙলবাৰে গ্ৰেপ্তাৰ হ’ল কেন্দ্ৰীয় মন্ত্ৰীগৰাকী। 

Leave a Comment