গ্ৰেপ্তাৰৰ পাছত সদৰ থানাৰ পৰা পলাল দুৰ্নীতিগ্ৰস্ত প্ৰধান শিক্ষক, আৰক্ষী মহলত হাহাকাৰ

বিদ্যালয়ত ভুৱা ছাত্ৰৰ নামভৰ্তিৰ লগতে বৃহৎ বিত্তীয় খেলিমেলি কৰি গ্ৰেপ্তাৰ হ’ল এগৰাকী প্ৰধান শিক্ষক।

কিন্তু ৰহস্যজনকভাৱে সদৰ খানাৰ পৰাই আৰক্ষীৰ জিম্মাৰ পৰা পলাই যাবলৈ সক্ষম হ’ল এইগৰাকী প্ৰধান শিক্ষক।

এই ঘটনাক লৈ ইতিমধ্যে হাহাকাৰ লাগিছে কৰিমগঞ্জ আৰক্ষীত।

5

উল্লেখ্য যে কৰিমগঞ্জৰ বিদ্যালয়য় পৰিদৰ্শকে দাখিল কৰাৰ এজাহাৰৰ ভিত্তিত পাথাৰকান্দি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ফকৰুল ইছলাম নামৰ পাথাৰকান্দিৰ আচিমিয়া ছিনিয়ৰ মাদ্ৰাছা (হাইস্কুল)ৰ প্ৰধান শিক্ষকগৰাকী।

ইয়াৰ পিছত তেওঁক কৰিমগঞ্জ সদৰ আৰক্ষী থানালৈ স্থানান্তৰ কৰা হয়।

কিন্তু ৰহস্যজনকভাৱে প্ৰধান শিক্ষকগৰাকী সদৰ আৰক্ষী থানাৰ পৰাই আৰক্ষীৰ নিৰাপত্তা বেহু ফালি পলাই যাবলৈ সক্ষম হয়।

জানিব পৰা মতে, জ্যেষ্ঠ আৰক্ষী বিষয়াই ইতিমধ্যে ঘটনাক লৈ তদন্ত আৰম্ভ কৰিছে। অৱশ্যে এই পৰ্যন্ত কােনাে শুংসূত্ৰ নাই প্ৰধান শিক্ষকগৰাকীৰ।

জানিব পৰা মতে, যে উক্ত বিদ্যালয়খনত সৰ্বমুঠ ছয়জন শিক্ষাৰ্থীয়ে নাম ভৰ্তি কৰিছিল। কিন্তু প্ৰধান অধ্যাপক ফখৰুল ইছলামে ২৫ জন শিক্ষাৰ্থীয়ে নামভৰ্তি কৰা দেখুৱাইছিল।

ইয়াৰ পাছতে ২৫ জন শিক্ষাৰ্থীৰ নামত কিতাপ আৰু মধ্যাহ্ন ভোজন পুঁজিও লাভ কৰিছিল।

এই কথা ফাদিল হােৱাৰ পাছতে কৰিমগঞ্জৰ তদানীন্তন অতিৰিক্ত উপায়ুক্তই ঘটনাক লৈ তদন্ত কৰিছিল।

এই তদন্তৰ স্পষ্টভাৱে প্ৰকাশ পাইছিল প্ৰধান অধ্যাপক দুৰ্নীতিৰ তথ্য।

ইয়াৰ পাছতে বিদ্যালয় পৰিদৰ্শক পাথাৰকান্দিলৈ গৈ এই সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰিছিল।

Leave a Comment