গ্ৰাহকৰ পৰা ৭০ হাজাৰ টকা আত্মসাত কৰি গ্ৰেপ্তাৰ বেংক গ্ৰাহক সেৱা কেন্দ্ৰৰ স্বত্বাধিকাৰী…

গ্ৰাহকৰ পৰা ৭০ হাজাৰ টকা আত্মসাত কৰি গ্ৰেপ্তাৰ বেংক গ্ৰাহক সেৱা কেন্দ্ৰৰ স্বত্বাধিকাৰী।

হাইলাকান্দিত গ্ৰেপ্তাৰ ষ্টেট বেংক অফ ইণ্ডিয়াৰ এটা চি এচ পি’ৰ (CSP) স্বত্বাধীকাৰী।

বৃহস্পতিবাৰ নিশা আলতাফ হুচেইন বড়ভূঞা নামৰ এগৰাকী চিএচপি’ৰ স্বত্বাধিকাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

স্থানীয় আলগাপুৰ এলেকাত থকা চিএচপি’ৰ জৰিয়তে এগৰাকী গ্ৰাহকৰ ৭০ হাজাৰ টকা আত্মসাত কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে আলতাফ হুচেইনক।

হাইলাকান্দি জিলাৰ আলগাপুৰ সমষ্টিৰ বড়নগদ গাঁৱৰ বাসিন্দা কমৰুল ইছলাম লস্কৰ নামৰ এগৰাকী গ্ৰাহকে কিছুদিন আগতে নিজৰ একাউণ্টত জমা কৰিছিলে ৯০ হাজাৰ টকা।

আলগাপুৰ এলেকাত ষ্টেট বেংকৰ কোন শাখ‍া নথকাৰ বাবে তেওঁ গ্ৰাহক সেৱা কেন্দ্ৰৰ মাধ্যমেৰে নিজৰ একাউণ্টত জমা কৰিছিল ধন।

কিন্তু কিছুদিন পিছত পাছবুক পৰীক্ষা কৰি চকু কপালত উঠে কমৰুল ইছলামৰ। তেওঁৰ একাউণ্টত ৯০ হাজাৰৰ পৰিৱৰ্তে জমা হৈছে মাত্ৰ ২০ হাজাৰ টকা।

পিছত সকলো তথ্য প্ৰমাণসহ বৃহস্পতিবাৰে আলগাপুৰ আৰক্ষী চকীত এটা গোচৰ ৰজু কৰে লোকজনে।

আলগাপুৰ আৰক্ষীয়ে ১৭২/২১ নম্বৰত আৰু ভাৰতীয় দণ্ডবিধিৰ ৪০৬ আৰু ৪২০ ধাৰাত গোচৰটো ৰজু কৰি নিশাই গ্ৰেপ্তাৰ কৰে চিএছপিটোৰ গৰাকী আলতাফ হুছেইন বড়ভূঞাক।

লগতে চিএছপিটোৰ পৰা আৰক্ষীয়ে বুজন পৰিমাণ এটিএম কাৰ্ড আৰু বেংক পাছবুক জব্দ কৰে।

বৰ্তমান গ্ৰেপ্তাৰ কৰা চিএছপিৰ গৰাকীক সোধা-পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Leave a Comment