
নিউজ ডেস্কঃ বেংকত গ্ৰাহকে জমা কৰা ধন জালিয়াতিৰে আত্মসাৎ কৰি পলাতক সৈ বন্ধন বেংকৰ মেনেজাৰ কল্যাণ দেৱনাথক গ্ৰেপ্তাৰৰ পিছতে মঙলবাৰে বিয়লি হাজিৰ কৰা হয় ন্যায়িক দণ্ডাধীশৰ আদালতত।
আদালতে অভিযুক্ত বেংক মেনেজাৰজনক জে’ল হাজোতলৈ প্ৰেৰণ কৰিছে।
উল্লেখ্য যে, নলবাৰী আৰক্ষীয়ে অভিযান চলাই নৱবৰ্ষৰ পহিলা দিনটোতে গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ কৰিছিল অভিযুক্ত কল্যাণ দেৱনাথক।
জানিব পৰা মতে, কল্যাণ দেৱনাথে বন্ধৰ বেংকৰ নলবাৰী শাখাৰ মেনেজাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা কালত এক কোটিৰো অধিক গ্ৰাহকৰ জমাধন জালিয়াতিৰে উলিয়াই পলায়ন কৰিছিল।
ইফালে এই জালিতাৰি কাণ্ড পোহৰলৈ অহাৰ পিছতে নলবাৰী আৰক্ষীয়ে গোচৰ ৰুজু কৰি সন্ধান অভিযান আৰম্ভ কৰিছিল কল্যাণ দেৱনাথৰ বিৰুদ্ধে।
তাৰ পিছতে পহিলা জানুৱাৰীত মহানগৰীৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল অভিযুক্ত মেনেজাৰজনক।