গ্ৰাহকৰ এটিএম কাৰ্ডৰে ধন সৰকাই বিলাসী জীৱন যাপন কৰা মহিলা বেংক বিষয়া ইফটিকন চৌধুৰীক ৩ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ, চলিছে জেৰা…

নিউজ ডেস্কঃ গ্ৰাহকৰ এটিএম কাৰ্ড কৌশলেৰে ব্যৱহাৰ কৰি লাখ লাখ টকা সৰকাই বিলাসী জীৱন যাপন কৰি অহা মহানগৰীৰ ভেটাপাৰাস্থিত এক্সিছ বেংকৰ মহিলা ডেপুুটি মেনেজাৰ ইফটিকন হক চৌধুৰীক পৃথকে পৃথকে জেৰা অব্যাহত ৰাখিছে গীতানগৰ আৰক্ষীয়ে।

উল্লেখ্য যে, জুৰোডস্থিত এইছডিএফচি বেংকত কৰ্মৰত হৈ থকা সময়ত সুন্দৰী বেংক বিষয়াগৰাকীয়ে গ্ৰাহকৰ এটিএম পিন গোপনে ব্যৱহাৰ কৰি চদ্মবেশত এটিএমৰ পৰা উলিয়াইছিল লাখ লাখ টকা।

শেহতীয়াকৈ এই তথ্য পোহৰলৈ অহাৰ পিছতে মঙলবাৰে গ্ৰেপ্তাৰ কৰা হয় প্ৰৱঞ্চক মহিলা বেংক বিষয়াগৰাকীক।

msg496020634 16927
গ্ৰাহকৰ এটিএম কাৰ্ডৰে ধন সৰকাই বিলাসী জীৱন যাপন কৰা মহিলা বেংক বিষয়া ইফটিকন চৌধুৰীক ৩ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ, চলিছে জেৰা… 2

ইফালে গ্ৰেপ্তাৰৰ পিছত আৰক্ষীয়ে ইফটিকন হক চৌধুৰীক আদালতত হাজিৰ কৰোৱাত আদালতে মহিলা প্ৰৱঞ্চকগৰাকীক ৩ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে।

এই প্ৰৱঞ্চনাত বেংক বিষয়াগৰাকীৰ সৈতে আন কোনো ব্যক্তি জড়িত আছে নেকি সেই সন্দৰ্ভত জানিবলৈ পৃথকে পৃথকে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে মুখ খোলা নাই প্ৰৱঞ্চক ইফটিকন হক চৌধুৰীয়ে।