গো-সুৰক্ষা আইন ২০২১ বাতিলৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ…

গো-সুৰক্ষা আইন ২০২১ বাতিলৰ দাবীত ৰাজপথত প্ৰতিবাদত নামিল কৃষক মুক্তি সংগ্ৰাম সমিতি।

সোমবাৰে জোনাইত ধেমাজি জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আৰু গো-পালকৰ সহযোগত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰা হয়৷

জোনাইৰ মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত শতাধিক গো-পালক আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্যই দিনৰ ১১ বজাৰ পৰা এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে৷

প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে শিসাগৰৰ বিধায়ক অখিল গগৈয়ে।

অখিল গগৈয়ে কয়- অসমৰ বিজেপি চৰকাৰে মাত্ৰ দুটামান ধৰ্মীয় সম্প্ৰদায়ৰ ক্ষতি কৰিবলৈ গৈ অসমৰ খিলঞ্জীয়া খেতিয়ক সকলক পেটে মাৰিব বিচাৰিছে। গো-সুৰক্ষা আইনৰ জৰিয়তে যিসকলৰ গো-মাংস খাদ্য বন্ধ কৰিব বিচাৰিছে, সেই সকলে গো-মাংস নোখোৱাকৈ জীয়াই থাকিব পাৰে।

কিন্তু মিচিং, বড়ো, নেপালী খেতিয়ক আৰু আমাৰ খিলঞ্জীয়া অসমীয়া, যিসকলে গৰুৰে হালবাই, গৰু এটা বিক্ৰী কৰি নিজৰ ল’ৰা-ছোৱালীক মেট্ৰিক পৰীক্ষা দিয়াই সেইসকলৰ অৰ্থনৈতিক অৱস্থা কি হ’ব বুলি প্ৰশ্ন কৰে অখিল গগৈয়ে।

গো-সুৰক্ষা আইনৰ বিৰুদ্ধে সকলো খিলঞ্জীয়া খেতিয়ক সকলে মাৰবান্ধি ঠিয় হ’ব লাগিব বুলি কয় বিধায়কজনে।

খিলঞ্জীয়া গো-পালকৰ মূলধন হৈছে এই গৰুবোৰ। গতিকে চৰকাৰে অনতি পলমে এই আইন বাতিল কৰক নহ’লে এই আইনত খিলঞ্জীয়া গো-পালকৰ গৰু সমূহ বিক্ৰী কৰিব পৰাকৈ ব্যৱস্থা ল’ব লাগে বুলিও গগৈয়ে উল্লেখ কৰে।

উল্লেখ্য যে, বিধানসভাত হাজাৰ বাদানুবাদকো একাষৰীয়া কৰি চৰকাৰে গো-সুৰক্ষা আইন প্ৰণয়ন কৰিছিল।

Leave a Comment