গোৱালপাৰা জিলাৰ জলেশ্বৰৰ ৰাজমিতাত হাহাকাৰ পৰিস্থিতি

গোৱালপাৰা জিলাৰ জলেশ্বৰৰ ৰাজমিতাত হাহাকাৰ পৰিস্থিতি

July 11, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ আনিছুল জামান। গোৱালপাৰা জিলাৰ জলেশ্বৰৰ ৰাজমিতাত হাহাকাৰ পৰিস্থিতি।

বানৰ কোঁবাল সোঁতত উটি গৈছে কেইবাটও পৰিয়ালৰ ঘৰ দুৱাৰ।

ইতিমধ্যে গৃহহীন ৫/৬ টা পৰিয়াল। কিন্তু খবৰ নাই জিলা প্ৰশাসন অথবা সাংসদ বিধায়কৰ।

উল্লেখযোগ্য যে চিলাৰভিটাৰ ভগ্ন মথাউৰিৰ ঠায়েদি বানৰ কোৱাল সোঁত প্ৰৱেশ কৰি ৰাজমিতাত উটুৱাই নিছে গড়কাপ্তানী পথ। ফলত ভয়াৱহ দূৰ্যোগৰ সন্মুখীন হৈছে ৰাজমিতা চুলাৰচৰপাৰা গাঁৱৰ ৰাইজ।

বানৰ কোৱাল সোঁত প্ৰৱেশ কৰি চৰম সংহাৰৰ সৃষ্টি কৰিছে গাঁওখনত। আতংকিত হৈ পৰিছে সমগ্ৰ গাঁওবাসী ।

কিন্তু বৰ্তমানলৈকে খবৰ নাই স্থানীয় বিধায়ক চাহাব উদ্দিন আহমেদ সাংসদ বদৰুদ্দিন আজমলৰ।

আনফালে জিলা প্ৰশাসনেও লোৱা নাই ব্যৱস্থা। যিকোনো সময়ত পৰিস্থিতি অধিক জটিল আশংকাত শংকিত হৈ পৰিছে গাঁওবাসী।

এনে অৱস্থাত চৰকাৰ অথবা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ নকৰিলে অধিক জটিল পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে ৰাজমিতাত।