অসম

গোৱালপাৰাত পুনৰ দ খাৱৈত আবদ্ধ ৬ টাকৈ বন্যহস্তী, বুধবাৰে নিশা একেটা খাৱৈত আবদ্ধ হৈছিল আন ৫ টা হাতী…

গোৱালপাৰাত পুনৰ দ খাৱৈত আবদ্ধ হৈছে ৬ টাকৈ বন্যহস্তী।

বুধবাৰে নিশা ৫ টাকৈ হাতী গোৱালপাৰা জিলাৰ লক্ষীপুৰ আঞ্চলিক বন বিভাগৰ অধীনস্থ বান্দৰমাথা সংৰক্ষিত বনাঞ্চলৰ এটা গভীৰৰ দ খাৱৈত আবদ্ধ হৈ থকাৰ পিছত বন বিভাগৰ প্ৰচেষ্টাত বৃহস্পতিবাৰে উদ্ধাৰ কৰা হৈছিল।

সেই একেটা দ খাৱৈতে পুনৰ বৃহস্পতিবাৰে নিশা আবদ্ধ হৈ পৰিছে ৬ টা হাতী।

জানিব পৰা মতে গোৱালপাৰাৰ লক্ষীপুৰৰ চৈ বাৰিৰ দ খাৱৈত বৰ্তমানেও আবদ্ধ হৈ আছে ৬ টাকৈ বনৰীয়া হাতী।

উল্লেখ্য যে চুবুৰীয়া মেঘালয় পাহাৰৰ পৰা হাতীৰ জাক খাদ্যৰ সন্ধানত নামি আহিছিল।

সেই জাকটোৰেই ৫ টা হাতী বুধবাৰে নিশা এই দ খাৱৈত আবদ্ধ হৈ পৰাৰ পিছত বৃহস্পতিবাৰে বন বিভাগে উদ্ধাৰ কৰিছিল।

Related Articles

Leave a Reply

Your email address will not be published.

Back to top button