গুৱাহাটী ৰে’ল ষ্টেছনত বেগ আৰু চ্যুটকেছৰ পৰা উদ্ধাৰ ২০ লাখকৈ টকা, আটক এজন

গুৱাহাটী ৰে’লৱে ষ্টেছনত উদ্ধাৰ লাখ লাখ টকা।

এটা বেগ আৰু চ্যুটকেছৰ পৰা ৰে’ল আৰক্ষীয়ে জব্দ কৰিলে ২০ লাখ টকা।

ৰে’ল আৰক্ষীৰ নিয়মীয়া তালাচীৰ সময়ত জব্দ কৰা হৈছে এই বৃহৎ পৰিমাণৰ ধনখিনি।

photo1664370284
গুৱাহাটী ৰে’ল ষ্টেছনত বেগ আৰু চ্যুটকেছৰ পৰা উদ্ধাৰ ২০ লাখকৈ টকা, আটক এজন 3

প্ৰথমে এটা বেগৰ ভিতৰত ডেৰ লাখ টকা উদ্ধাৰৰ পিছতে আন এটা চ্যুটকেছৰ ভিতৰতো উদ্ধাৰ হয় ১৮ লাখ টকা।

photo1664370318
গুৱাহাটী ৰে’ল ষ্টেছনত বেগ আৰু চ্যুটকেছৰ পৰা উদ্ধাৰ ২০ লাখকৈ টকা, আটক এজন 4

ঘটনা সন্দৰ্ভত ৰবীন কুমাৰ নামৰ এজন লোককো আটক কৰিছে আৰক্ষীয়ে।

ধৃত ৰবীন কুমাৰৰ ঘৰ উত্তৰ প্ৰদেশত বুলি জানিব পৰা গৈছে।

ঘটনা সন্দৰ্ভত অধিক তথ্যৰ বাবে জেৰা চলাই থকা হৈছে ৰবীন কুমাৰক।