গুৱাহাটী হৈ আগৰতলা-বাংগালুৰৰ মাজত বিমান সেৱা আৰম্ভ হ’ল আকাশ এয়াৰৰ…

নিউজ ডেস্কঃ গুৱাহাটী হৈ আগৰতলা-বাংগালুৰুৰ মাজত বিমান সেৱা আৰম্ভ হ’ল ভাৰতৰ নতুন বিমান সংস্থা ‘আকাশ এয়াৰ’ৰ।

শুকুৰবাৰে আগৰতলাৰ মহাৰাজা বীৰ বিক্ৰম বিমানবন্দৰত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহাই ফ্লেগ অফ কৰাৰ পিছত গুৱাহাটী হৈ আৰম্ভ হয় এই বিমান সেৱা।

photo1666421075
গুৱাহাটী হৈ আগৰতলা-বাংগালুৰৰ মাজত বিমান সেৱা আৰম্ভ হ’ল আকাশ এয়াৰৰ… 4

উল্লেখ্য যে, শুকুৰবাৰে আগৰতলাৰ বিমান বন্দৰত অনুষ্ঠিত বিমান সেৱা শুভাৰম্ভণি অনুষ্ঠানৰ পিছত ১০৭ গৰাকী যাত্ৰী লৈ আগৰতলাৰ পৰা বাংগালুৰু অভিমুখে উৰা মাৰে আকাশ এয়াৰৰ মেডেন বিমানখনে।

photo1666421075 1
গুৱাহাটী হৈ আগৰতলা-বাংগালুৰৰ মাজত বিমান সেৱা আৰম্ভ হ’ল আকাশ এয়াৰৰ… 5

বিমান সেৱাৰ শুভাৰম্ভণি অনুষ্ঠানত মুখ্যমন্ত্ৰী মাণিক সাহাৰ লগতে ত্ৰিপুৰাৰ পৰিবহণ মন্ত্ৰী প্ৰণজিৎ সিংঘা ৰায়, এম বি বি বিমানবন্দৰৰ সঞ্চালক কে চি মীনা আদি উপস্থিত থাকে।

photo1666421079
গুৱাহাটী হৈ আগৰতলা-বাংগালুৰৰ মাজত বিমান সেৱা আৰম্ভ হ’ল আকাশ এয়াৰৰ… 6

আকাশ এয়াৰৰ সহ-প্ৰতিষ্ঠাপক বেলছন ক’টিনহ’ৰ মতে, শুকুৰবাৰে ৭৫ দিনৰ বাণিজ্যিক কাৰ্য্যকলাপ সম্পূৰ্ণ কৰা এই বিমানখন কম খৰচী ষ্টাৰ্ট-আপ আৰু বৰ্তমান ১৭টা ভিন্ন গন্তব্যস্থানলৈ ৭খন বিমান চলাই আছে আৰু আৰু ১০খন বিমান ক্ৰয় কৰাৰ প্ৰক্ৰিয়া চলি আছে।