গুৱাহাটী-শিলচৰৰ মাজত পুনৰ চলিব ৰাজ সাহায্যযুক্ত বিমান সেৱা

নিউজ ডেস্ক। ৰাজ্যৰ শেহতীয়া বৰষুণ-ভূমিস্খলনৰ ফলত গুৱাহাটীৰ সৈতে বিচ্ছিন্ন হৈ পৰিছে বৰাক উপত্যকাৰ ৰে’লপথ-স্থলপথৰ যােগাযােগ।

এনে পৰিস্থিতিৰ ভীষণ অসুবিধাৰ সন্মুখীন হৈছে যাত্ৰীসকল।

আনহাতে, বিমান কােম্পানীসমূহেও যাত্ৰীসকলৰ পৰা আদায় কৰিছে কেবাগুণ অধিক ভাড়া।

ইয়াৰ পৰিপ্ৰেক্ষিততে গুৱাহাটী-শিলচৰৰ মাজত ফ্লাই বিগৰ ৰাজসহায্য যুক্ত বিমানসেৱা পুনৰ আৰম্ভ কৰাৰ ঘােষণা কৰিছে চৰকাৰে।

G4 9
গুৱাহাটী-শিলচৰৰ মাজত পুনৰ চলিব ৰাজ সাহায্যযুক্ত বিমান সেৱা 2

জানিব পৰা মতে, শনিবাৰ অৰ্থাৎ ১৮ জুনৰ পৰা গুৱাহাটী-শিলচৰৰ মাজত এই বিমানসেৱা পুনৰ আৰম্ভ হ’ব।

উল্লেখ্য যে এই বিমানৰ প্ৰতিজন যাত্ৰীৰ পৰা টিকটৰ বিনিময়ত ৪ হাজাৰ টকা আদায় লােৱা হ’ব।

যাত্ৰীসকলে টিকট কাছাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ লগতে গুৱাহাটীৰ পল্টন বজাৰ স্থিত অসম পৰ্যটন উন্নয়ন নিগমৰ কাৰ্যালয়ৰ পৰা ক্ৰয় কৰিব পাৰিব।