গুৱাহাটী বিশ্ববিদ্যালয়ত কৰ’ণাৰ আতংকঃ ১৫ৰ পৰা ১৯ ডিচেম্বৰলৈ বন্ধ থাকিব বিশ্ববিদ্যালয়…

গুৱাহাটী বিশ্ববিদ্যালয়ত ব্যাপক ৰূপত ক’ভিড সংক্ৰমণ।

বিশ্ববিদ্যালয় সপ্তাহ চলি থকাৰ মাজতে ক’ভিডত আক্ৰান্ত ১৯গৰাকী শিক্ষাৰ্থী।

জানিব পৰা অনুসৰি, বিশ্ববিদ্যালয়খনৰ  AT 9 আৰু AT 8 হোষ্টেলৰ ১১ আবাসী ক’ভিডত আক্ৰান্ত হৈছে।

ইয়াৰ লগতে RCC 6 হোষ্টেলৰ ৪গৰাকী আবাসী AT 2 আৰু AT 3ৰ ছাত্ৰী নিৱাসৰ এগৰাকী আবাসী ক’ভিডত আক্ৰান্ত হৈছে।

ইয়াৰ পিছতে পাছতে স্বাস্থ্য বিভাগৰ নিৰ্দেশত হোষ্টেলে হোষ্টেলে চলিছে ক’ভিড টেষ্ট। 

ইয়াৰ পিছতে গুৱাহাটী বিশ্ববিদ্যালয়ে গ্ৰহণ কৰিছে গুৰুত্বপূ্ৰ্ণ সিদ্ধান্ত।

৫ দিনৰ বাবে বন্ধ থাকিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ পাঠদান আৰু হোষ্টেল।

অহা ১৫ ডিচেম্বৰৰ পৰা ১৯ ডিচেম্বৰলৈ বন্ধ থাকিব অফলাইন শ্ৰেণীৰ পাঠদানৰ লগতে হোষ্টেলসমূহ।

এক বাৰ্তা যোগে বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা জানিবলৈ দিয়ে এই বিষয়ে।

cf6d6953 f709 4658 94b1 9b184776f371

আনহাতে বিশ্ববিদ্যালয় সপ্তাহৰ বাবে মঙলবাৰে অনুষ্ঠিত হ’বলগীয়া সাংস্কৃতিক অনুষ্ঠানো বাতিল কৰে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।

Leave a Comment