গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰক ড০ ধ্ৰুৱজ্যোতি চৌধুৰীক নিলম্বন…

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰকক নিলম্বন।
নিলম্বিত হ’ল পৰীক্ষা নিয়ন্ত্ৰক ড০ ধ্ৰুৱজ্যোতি চৌধুৰী।
পৰীক্ষাৰ ফলাফল ঘোষণাত বিলম্বৰ অভিযোগত নিলম্বন কৰা হৈছে ধ্ৰুৱজ্যোতি চৌধুৰীক।
বিশ্ববিদ্যালয়ৰ ৱেবছাইটত আপলোড কৰা এক নিদৰ্শনাযোগে এই কথা ঘোষণা বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ।
জানিব পৰা মতে, নিয়ন্ত্ৰকগৰাকীৰ বিৰুদ্ধে চলিছিল বিশ্ববিদ্যালয়ৰ অনুশাসনমূলক প্ৰক্ৰিয়া। পৰৱৰ্তী নিৰ্দেশ নহা পৰ্যন্ত Assam Services (Discipline & Appeal) Rules, 1964ৰ অধীনত কাৰ্যকৰী হোৱাকৈ নিলম্বনৰ সিদ্ধান্ত কৰ্তৃপক্ষৰ।

ইফালে, ড০ দেৱহৰি তালুকদাৰক গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন পৰীক্ষা নিয়ন্ত্ৰকৰ দায়িত্ব অৰ্পণ কৰা হৈছে।
বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেছৰ প্ৰতাপজ্যোতি সন্দিকৈৰ অনুমোদন ক্ৰমে ড০ তালুকদাৰক এই দায়িত্ব কৰ্তৃপক্ষৰ।
বিশ্ববিদ্যালয়ৰ পৰীক্ষাসমূহৰ উপ-নিয়ন্ত্ৰকৰ দায়িত্বত আছিল ড০ দেৱহৰি তালুকদাৰ।