গুৱাহাটী-বিকানেৰ এক্সপ্ৰেছ ৰে’ল দুৰ্ঘটনাত মৃতকৰ সংখ্যা ৯ জনলৈ বৃদ্ধি

পশ্চিম বংগ জলপাইগুৰি জিলাত বিকানেৰ-গুৱাহাটী এক্সপ্ৰেছ ৰে’ল দুৰ্ঘটনাত নিহতৰ সংখ্যা ৯ জনলৈ বৃদ্ধি পাইছে।

আনহাতে দুৰ্ঘটনাত আহত আন ৩৬ জন বৰ্তমান চিকিৎসাধীন হৈ আছে। আহত সকলৰ একাধিক জনৰো অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

FI-4-OEKa-QAEJWVU

উল্লেখ্য যে, বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৫ বজাত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ (এনএফআৰ) আলিপুৰদুৱাৰ বিভাগৰ অন্তৰ্গত দোমোহনীৰ ওচৰত অসম অভিমুখী ৰে’লখনৰ ১২ টা ডবা লাইনচ্যুত হৈ বাগৰি পৰে।

FJCi-Lz-Ka-UAM8f-Qk

কেন্দ্ৰীয় মন্ত্ৰী জন বৰলাই জানিবলৈ দিয়া মতে, উদ্ধাৰ অভিযানৰ ইতিমধ্যে অন্ত পৰিছে।

আহত সকলক বিভিন্ন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। সংবাদ সংস্থা এএনআইৰ বাতৰি অনুসৰি, যাত্ৰীসকলক এখন বিশেষ ৰেলযোগে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়।

ইতিমধ্যে সেই ৰে’লখন উপস্থিত হৈছে গুৱাহাটী ৰে’ল ষ্টেচনত।

ইপিনে, শুকুৰবাৰে পুৱা ৰে’ল দুৰ্ঘটনা স্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে।

তেওঁ এই দুৰ্ঘটনাত তদন্ত প্ৰক্ৰিয়া অব্যাহত থকা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।

ইতিমধ্য, ৰে’ল বিভাগে মৃতকৰ পৰিজনলৈ ৫ লাখ আৰু আহতসকলক ১ লাখ টকা টকাকৈ ক্ষতিপূৰণ আদায় দিয়াৰ কথা ঘােষণা কৰিছে।

ইয়াৰ পূৰ্বে, জলপাইগুৰিৰ জিলা দণ্ডাধীশ মৌমিতা গোদাৰা বসুয়ে জানিবলৈ দিয়া মতে, দুৰ্ঘটনাস্থলীত ৪ জনৰ মৃতদেহ উদ্ধাৰ হয় আৰু আন ৩ জনৰ চিকিৎসালয়ত মৃত্যু ঘটে। নিহতৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।

ৰে’ল আৰক্ষীৰ এগৰাকী বিষয়াই সদৰী কৰা মতে, লাইনচ্যুত হোৱাৰ সময়ত ৰেলখনৰ ভিতৰত ১,০৫৩ জন যাত্ৰী আছিল। ৰে’লখন ২ ঘণ্টা ৪১ মিনিট পলমকৈ চলি আছিল।

দুৰ্ঘটনাগ্ৰস্ত ট্ৰেইনখনে বুধবাৰে নিশা বিকানেৰৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল আৰু শুক্ৰবাৰে ৰাতিপুৱা গুৱাহাটী পোৱাৰ কথা আছিল।

Leave a Comment