fbpx
অসম

গুৱাহাটী পৌৰ নিৰ্বাচনঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ নিৰ্বাচনী আয়োগৰ…

গুৱাহাটী পৌৰ নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ অভিযোগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ।

সোমবাৰে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাক ৰাজ্যিক নিৰ্বাচন আয়োগে মুখ্যমন্ত্ৰীৰ আদৰ্শ নিৰ্বাচন আচৰণ বিধি উলংঘনৰ অভিযোগৰ তদন্তৰ নিৰ্দেশ দিয়ে।

উল্লেখ্য যে, অসম জাতীয় পৰিষদে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে প্ৰচাৰৰ সময়ত নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰা বুলি নিৰ্বাচনী আয়োগৰ ওচৰত অভিযোগ দাখিল কৰিছিল।

নিৰ্বাচনী প্ৰচাৰৰ সময়ত মুখ্যমন্ত্ৰীয়ে ভোটাৰ সকলক প্ৰৰোচিত কৰাৰ অভিযোগ অসম জাতীয় পৰিষদৰ।

আনকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অসম জাতীয় পৰিষদৰ নেতৃত্ব প্ৰতিবাদমুখৰ হৈ পৰা পৰলক্ষিত হৈছিল।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!