
নিউজ ডেস্ক। পঞ্জাৱ বিধানসভা নিৰ্বাচনৰ সফলতাত উচ্ছ্বসিত হৈ আম আদমী পাৰ্টীয়ে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনী যুজঁত নিজৰ প্ৰাৰ্থী থিয় কৰোৱাৰ সিদ্ধান্ত লৈছে।
আপে সকলো ৱাৰ্ডতে প্ৰতিদ্বন্দিতা আগবঢ়াব বুলি প্ৰকাশ কৰিছে।
নিৰ্বাচনী প্ৰেক্ষাপট নিবিড়ভাৱে নিৰীক্ষণ কৰি থকা আপৰ ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য তথা অসমৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজেশ শৰ্মাই কয় যে কেজৰিৱাল মডেলে পঞ্জাৱৰ দৰে অসমতো কাম কৰিব।

লখিমপুৰ আৰু তিনিচুকীয়া জিলাৰ শেহতীয়াকৈ সমাপ্ত হোৱা পৌৰ নিৰ্বাচনত দুটা ৱাৰ্ডত জয়লাভ কৰি আপে ৰাজ্যখনৰ প্ৰথম টো সফলতা অৰ্জন কৰিছিল যদিও বিজেপিয়ে নিৰ্বাচনত জয়লাভ কৰিছিল।
শৰ্মাই লগতে কয় যে যেতিয়া লখিমপুৰ আৰু তিনিচুকীয়াৰ ভোটাৰসকলে বিজেপিৰ দৰে শক্তিতকৈ আপক প্ৰাধান্য দিব পাৰে, তেন্তে নিশ্চিত ৰূপত গুৱাহাটীত ফলাফল বহুত ভাল হ’ব।
আপে ৰাজ্যখনৰ ৩৩ খন জিলাৰ ভিতৰত ২৮ খন জিলাত সমিতি গঠন কৰিছে।

শৰ্মাই কয় যে বিজেপি আৰু ভাৰতীয় ৰাষ্ট্ৰীয় ছাত্ৰ সন্থাৰ (এনএছইউআই) বহুতো কেডাৰ পৰ্যায়ৰ নেতাই অসমত আপত যোগদান কৰিছে।
গুজৰাটত আপৰ সহ-ভাৰপ্ৰাপ্ত বিষয়া শৰ্মাই লগতে কয় যে স্থানীয় সংস্থাৰ নিৰ্বাচনত আপৰ সফলতাই স্থানীয় দল এটা কেনেদৰে ৰাষ্ট্ৰীয় দললৈ পৰিণত হৈছে তাৰ এক দৃষ্টান্ত স্থাপন কৰিছে।
আপৰ ৰাজ্যিক যুটীয়া সমন্বয়ক লক্ষ্মী কান্ত দুবেয়ে জনায় যে জিএমচিৰ ১৫ টা ৱাৰ্ডৰ পৰা দলটোৱে নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰাৰ আগতেই ইতিমধ্যে আবেদন লাভ কৰিছে।
তেওঁ লগতে কয় যে জিএমচি নিৰ্বাচনত দুৰ্নীতি, অপৰাধী ৰেকৰ্ড আৰু সাম্প্ৰদায়িকতাৰ পৰা মুক্ত প্ৰাৰ্থীৰ ওপৰত গুৰুত্ব দিব। নিৰ্বাচনত আপৰ ফলাফল কি হব সেইয়া অৱশ্যে সময়তহে দেখা যাব ।