Skip to toolbar
Mon. Sep 21st, 2020

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন।

সোমবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ছাত্রাৱাসৰ পাছফালে উদ্ধাৰ এজন চিকিৎসা বিজ্ঞানৰ ছাত্রৰ মৃতদেহ।

চূড়ান্ত বৰ্ষৰ ছাত্ৰগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সমগ্র অঞ্চলজুৰি তীব্র চাঞ্চল্যৰ সৃষ্টি কৰে৷

মৃত ছাত্ৰগৰাকীৰ নাম নিমচিং পামে। ঘৰ ডিমা হাচাওৰ মাহুৰত

হোষ্টেলৰ তলত পৰি থকা অৱস্থাত উদ্ধাৰ হয় ছাত্ৰজনৰ মৃতদেহ।

৪ নং হোষ্টেলৰ প্ৰথম মহলাৰ ১১৩ নং কোঠাত আছিল ছাত্ৰজন।

আৰক্ষীয়ে জনোৱা মতে, জিএমচিৰ ৪নং (পুৰণা) ছাত্রাৱাসৰ পাকঘৰৰ পাছফালে ছাত্রাৱাসত কর্মৰত এজন ৰংমিস্ত্রীয়ে অট্টালিকাৰ পাছফালে যুৱকজনৰ মৃতদেহ প্রত্যক্ষ কৰি ছাত্রাৱাস কর্তৃপক্ষক অৱগত কৰায়৷

পিছত ছাত্রাৱাস কর্তৃপক্ষই আৰক্ষীৰ সৈতে যোগাযোগ কৰাত ভঙাগড় থানাৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ছাত্রজনৰ মৃতদেহ উদ্ধাৰ কৰে৷

ঘটনা সন্দর্ভত আৰক্ষীয়ে ভঙাগড় থানাত এটা আকস্মিক মৃত্যুজনিত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে যদিও ছাত্রজনৰ মৃত্যুৰ ৰহস্য পোহৰলৈ অহা নাই৷

অৱশ্যে আৰক্ষীয়ে ছাত্রজনৰ ১১৩নং আৱাসৰ পৰা দুটা সুৰাৰ বটল জব্দ কৰে৷

ছাত্রজনৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই যদিও অত্যধিক সুৰাপান কৰি ছাত্রজন ছাত্রাৱাসৰ চতুর্থ মহলাৰ পৰা পৰি মৃত্যু হোৱা বুলি আৰক্ষীয়ে সন্দেহ প্রকাশ কৰিছে৷