গুৱাহাটী আই আই টিত অঘটন! ইনষ্টিটিউট অব্ লাইফ ছায়েন্সৰ সঞ্চালকৰ আকস্মিক মৃত্যু…

গুৱাহাটী আই আই টিত অঘটন।

ইনষ্টিটিউট অব্ লাইফ ছায়েন্সৰ সঞ্চালকৰ আকস্মিক মৃত্যু।

হৃদৰোগত আক্ৰান্ত হৈ আকস্মিকভাৱে মৃত্যুক সাবটি লয় ইনষ্টিটিউট অব্ লাইফ ছায়েন্সৰ সঞ্চালকগৰাকী।

গুৱাহাটীৰ আই আই টিৰ গেষ্ট হাউছত যোৱা নিশা মৃত্যু হয় সঞ্চালক অজয় পাৰিডাৰ (৫৮)।

ভুবনেশ্বৰৰ পৰা আমিগাঁওস্থিত বায়’টেক পাৰ্কৰ এক অনুষ্ঠানত ভাগ ল’বলৈ আহিছিল সঞ্চালকগৰাকী।

আই আই টিৰ গেষ্ট হাউছত অতিথি হিচাপে থকা অৱস্থাত শোকাৱহ মৃত্যু ঘটে আই এল এছৰ সঞ্চালকগৰাকীৰ।

উল্লেখ্য যে, ওড়িশাৰ ক’ভিড যুদ্ধৰ অগ্ৰণী সৈনিক আছিল অজয় পাৰিডা।

অজয় পাৰিডাৰ আকস্মিক মৃত্যুৱে শোকাকুল পৰিবেশ বিৰাজ কৰে আই আই টি আৰু বায়’টেক পার্কত।

পিছত উত্তৰ গুৱাহাটী ৰাজহ চক্ৰ বিষয়া ৰশ্মিপ্রতাপৰ উপস্থিতিত অজয় পাৰিডাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইচলৈ প্ৰেৰণ কৰে।