নিউজ ডেস্ক। উৰুকাৰ দিনাই পশ্চিম বংগত ভয়ংকৰ দুৰ্ঘটনাত পতিত হ’ল গুৱাহাটী অভিমুখী যাত্ৰীবাহী ৰে’ল।

পশ্চিম বংগৰ জলপাইগুড়িৰ সমীপৱৰ্তী মাইনাগুড়িত বৃহস্পতিবাৰে বিয়লি লাইনচ্যুত হ’ল ১৫৬৩৩ নং বিকানেৰ-গুৱাহাটী যাত্ৰীবাহী এক্সপ্ৰেছ ৰে’ল।

জানিব পৰা মতে, ৰে’লখনৰ কেইনাটাও দবা লাইনচ্যুত হােৱাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয়।
ইয়াৰ ফলত বিধ্বস্ত হৈ পৰে পৰে বহুকেইটা দবা।
Injured are being taken to Maynaguri Hospital and Jalpaiguri District Hospital.
— Ananya Bhattacharya (@ananya116) January 13, 2022
Another disturbing video from the accident site. Several coaches of 15633 Bikaner-Guwahati Express have derailed.#NorthBengal pic.twitter.com/ByunWUX5cA
এই দুৰ্ঘটনাত কমেও ৫ জন ৰে’লযাত্ৰীৰ মৃত্যুৰ খবৰ পােৱা গৈছে। লগতে আহত হৈছে ৪৫ ৰে’লযাত্ৰী। ইয়াত ২੦ জন ৰে’লযাত্ৰীৰ অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে।

আহত ৰে’লযাত্ৰীসকলৰ সমীপৱৰ্তী চিকিৎসালয়ত ভৰ্তি কৰােৱা হৈছে। ৰে’ল কৰ্তৃপক্ষই এই পৰ্যন্ত ঘটনাক লৈ কােনাে বিবৃতি প্ৰকাশ কৰা নাই।
Spoke to Railways Minister Shri @AshwiniVaishnaw and took stock of the situation in the wake of the train accident in West Bengal. My thoughts are with the bereaved families. May the injured recover quickly.
— Narendra Modi (@narendramodi) January 13, 2022
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মােদীয়ে এই দুৰ্ঘটনাৰ বিষয়ে ৰে’লমন্ত্ৰীৰ পৰা সবিশেষ তথ্য লােৱাৰ লগতে নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে। লগতে আহতসকলৰ আশু আৰােগ্য কামনা কৰিছে।

লগতে চাওকঃ
চিকাৰ কৰিবলৈ গৈ নিজেই ’চিকাৰ’ হ’ল এজন আৰক্ষী কনিষ্টবল!
