গুৱাহাটীৰ পৰা সন্ধানহীন APDCL ৰ যুৱ অভিযন্তা পাৰভেজৰ মৃতদেহ উদ্ধাৰ

নিউজ ডেস্ক। গুৱাহাটী মহানগৰীৰ ভাড়াঘৰৰ পৰা ৰহস্যজনকভাৱে সন্ধানহীন হোৱা APDCL ৰ যুৱ অভিযন্তা পাৰভেজ আহমেদৰ মৃতদেহ উদ্ধাৰ।

মহানগৰীৰ পাৰ্শ্বৱৰ্তী যােৰাবাট-মেঘালয় সংযােগী পথৰ নদীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হয় পাৰভেজৰ মৃতদেহ।

উল্লেখ্য যে যােৱা ১ ফেব্ৰুৱাৰীত গুৱাহাটীৰ কাহিলীপাৰাৰ পৰা সন্ধানহীন হৈছিল ধুবুৰী জিলাৰ গৌৰীপুৰৰ গেৰামাৰী ৫ম খণ্ড গাঁৱৰ যুৱক পাৰভেজ আহমেদ ওৰফে ৰাজা

7

কৰ্মসূত্ৰে মহনগৰীৰ কাহিলীপাৰাত এটা ভাৰঘৰত বসবাস কৰিছিল পাৰভেজে।

গুৱাহাটী মেডিকেল কলেজ হাস্পতালত মৰণোত্তৰ পৰীক্ষাৰ পিছত বৃহস্পতিবাৰে নিজ বাসগৃহলৈ অনা হয় পাৰভেজৰ মৃতদেহ।

যুৱকজনৰ নশ্বৰদেহ নিজ বাসগৃহলৈ অনাৰ লগে লগে এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়।

99-2

উল্লেখ্য যে দিছপুৰ আৰক্ষীয়ে যোৰাবাট অঞ্চলৰ পৰা ৭ ফেব্ৰুৱাৰীত পাৰভেজৰ বাইকখন উদ্ধাৰ কৰিছিল।

কোনো দুৰ্বৃত্তৰ দলে পাৰভেজক পৰিকল্পিতভাৱে হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰি স্থানীয় দল-সংগঠনৰ লগতে পৰিয়ালৰ লোকে পাৰভেজৰ হত্যা কাণ্ড চিবিআই তদন্তৰ দাবী জনাইছে।

Leave a Comment