অসম

গুৱাহাটীলৈ কাম বিচাৰি আহি সন্ধানহীন ৰাজকুমাৰ, পত্নী-ছবছৰীয়া পুত্ৰৰ হাহাকাৰ…

গুৱাহাটীলৈ কাম বিচাৰি আহি সন্ধানহীন এগৰাকী যুৱক।

নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত আল্লিয়া ন-মাটি গাঁৱৰ ত্ৰিশ বছৰীয়া ৰাজকুমাৰ দাস ওৰফে শংকৰ দাস সন্ধানহীন।

৩০ আগষ্টৰ পুৱা প্ৰায় ৭ বজাত নিজৰ  AS-14L-2874 নম্বৰৰ গ্লেমাৰ বাইকখনেৰে কাম বিচাৰি গুৱাহাটীলৈ অহাৰ পিছৰে পৰা নিৰুদ্দেশ হৈ আছে ৰাজকুমাৰ।

ইপিনে ৰাজকুমাৰৰ কোনো খবৰ নাপায় পত্নীৰ-পুত্ৰৰ লগতে পৰিয়ালটোৰ মাজত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি কৰিছে।

পৰিয়ালৰ লোক তথা আত্মীয়ই বিচাৰি চলাথ কৰা পিছতো কোনো শুংসুত্ৰ নোপোৱাত পত্নী অবলা দাসে ছয় বছৰীয়া পুত্ৰৰ সৈতে  ঘগ্ৰাপাৰ আৰক্ষীৰ কাষ চাপে।

ইতিমধ্যে স্বামীৰ নিৰুদ্দেশ সম্পৰ্কে ঘগ্ৰাপাৰ আৰক্ষী থানাত এটি গোচৰ ৰজু কৰা হৈছে।

কোনো লোকে ৰাজকুমাৰ দাস ওৰফে শংকৰ দাসৰ সম্ভেদ পালে ওচৰৰ আৰক্ষী থানৰ লগতে 87240 64227 ম’বাইল নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ অনুৰোধ জনাইছে।

Related Articles

Back to top button