গুৱাহাটীত ভয়াৱহ ৰূপত বৃদ্ধি পাইছে বায়ু প্ৰদূষণ! টুইটযোগে গুৱাহাটীৰ সমস্যা দাঙি ধৰিলে GMCHৰ অধীক্ষক অভিজিৎ শৰ্মাই…

গুৱাহাটীত অতি ভয়াৱহ ৰূপত বৃদ্ধি পাইছে বায়ু প্ৰদূষণ৷
গুৱাহাটীৰ বায়ু প্ৰদূষণৰ সমস্যা দাঙি ধৰি বিশেষ টুইট GMCHৰ অধীক্ষক অভিজিৎ শৰ্মাৰ।
গুৱহাটীত AQI অতি ভয়াৱহ ৰূপত বৃদ্ধি হৈছে৷ ৫ ফেব্ৰুৱাৰীৰ দিনটোত গুৱাহাটীৰ AQI ৩০০ পাৰ হৈছে৷
বায়ু প্ৰদূষণৰ বাবেই গুৱাহাটীবাসীয়ে হাঁওফাঁওজনিত সমস্যাত ভুগিছে বুলি দাবী গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক অভিজিৎ শৰ্মাৰ৷
Guwahati is so dry .No rains for 3 months. My personal opinion is GMC should water the plants,trees,sprinkle the roads so that dust allergy doesnot take a upper hand.We are seeing lots of Respiratory tract infections these days.I think it is possible with the mighty Brahmaputra
— dr abhijit sarma (@abhijitsarma) February 5, 2023
গুৱাহাটী পৌৰ নিগমক পথ, উপ-পথত পানী ছটিওৱাৰ পৰামৰ্শ আগবঢ়াইছে অধীক্ষক শৰ্মাই।
গুৱাহাটীৰ গছ-বনতো পানী ছটিয়াবলৈ পৰামৰ্শ দিছে অধীক্ষক শৰ্মাই।