fbpx
অসম

গুৱাহাটীত বৰ্তমানলৈ কোনো জটিল পৰিষ্টিতিৰ সৃষ্টি হোৱা নাইঃ মন্ত্ৰী যোগেন মহন…

সোমবাৰৰ নিশাৰে পৰা হোৱা প্ৰৱল বৃষ্টিপাতৰ ফলত একপ্ৰকাৰ বিধ্বস্ত হৈ পৰিছে গুৱাহাটী মহানগৰী।

সমগ্ৰ গুৱাহাটী পানীৰ তলত। স্তব্ধ যাতায়ত ব্যৱস্থা।

এই ভয়াৱহ পৰিস্থিতিৰ মাজতে গুৱাহাটীত প্ৰাণ হেৰুৱাই ৫ জনকৈ লোকে।

ইয়াৰ পিছতহে গা লৰিছে দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী যোগেন মহনৰ। বান পৰিস্থিতিৰ বুজ ল’বলৈ বিভাগৰ CEOক নিৰ্দেশ বিভাগীয় মন্ত্ৰী যোগেন মহনৰ। তাৎক্ষণিকভাৱে গুৱাহাটীৰ পৰিস্থিতি পৰ্য্যবেক্ষণ কৰাৰ নিৰ্দেশ CEOক।

এই সন্দৰ্ভত মন্ত্ৰী গৰাকীয়ে কয়- গুৱাহাটীত বৰ্তমানলৈ কোনো জটিল পৰিষ্টিতিৰ সৃষ্টি হোৱা নাই। পিছে নিশাটো বৰষুণ দিলে কাইলৈ অসুবিধা হ’ব।

লগতে তেওঁ কয়- বহু বছৰ পূৰ্বে মহানগৰীৰ স্পৰ্শকাৰত স্থানসমূহ নিৰ্ধাৰণ কৰা হৈছিল আৰু সময়ে সময়ে স্থানসমূহত জনসাধাৰণক সজাগ-সচেতন কৰা হয়। 

আজি ভূমিস্খলন সংঘটিত হোৱা স্থান স্পৰ্শকাৰত স্থানৰে ভিতৰত আছিল বুলি জনাই মহানগৰবাসীক অতি স্পৰ্শকাতৰ স্থানৰ পৰা নিৰাপদ স্থানলৈ আহিবলৈ আহ্বান জনায় মন্ত্ৰী যোগেন মহনে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!