গুৱাহাটীত বিশেষ বিমানেৰে আহিল ক’ভিড-১৯ৰ প্ৰতিষেধক

গুৱাহাটীত বিশেষ বিমানেৰে আহিল ক’ভিড-১৯ৰ প্ৰতিষেধক

January 12, 2021 0 By NEWS DESK

নিউজ ডেস্ক। দীৰ্ঘ অপেক্ষাৰ অন্তত অৱশেষত দেশজুৰি ঘােষণা কৰা হ’ল ক’ভিড-১৯ৰ প্ৰতিষেধক প্ৰদানৰ দিন।

ইয়াৰ লগে লগে দেশৰ বিভিন্ন ৰাজ্যলৈ কেন্দ্ৰই প্ৰেৰণ কৰিলে ক’ভিড-১৯ৰ দুটাকৈ ভেকচিন।

মংগলবাৰে সন্ধিয়া গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰ আহি পালে ক’ভিড-১৯ৰ ভেকচিনৰ ২੦ কাৰ্টুন।

জানিব পৰা মতে, উক্ত ভেকচিনখিনি হেঙেৰাবাৰীৰ স্বাস্থ্য ভৱনত ৰখা হ’ব।

পুণেৰ পৰা স্পাইছ্ জেটৰ SG7451 নম্বৰৰ বিমানেৰে গুৱাহাটীলৈ অনা হয় ক’ভিশ্বিল্ড নামৰ ভেকচিন।

উল্লেখ্য যে বিমানখনত প্ৰতিষেধকৰ সৰ্বমুঠ ২ লাখ ৪੦ হাজাৰ পালি অনা হৈছে। প্ৰতিটাে কাৰ্টুনত প্ৰতিষেধকৰ ১২ হাজাৰ পালি আছে।

২੦ কাৰ্টুনৰ পৰা ৩ কাৰ্টুন প্ৰতিষেধক মেঘালয়ক প্ৰদান কৰা হ’ব।

প্ৰথম পৰ্যায়ত ৰাজ্যৰ স্বাস্থ্যকৰ্মী তথা প্ৰথম শাৰীৰ ক’ভিড যােদ্ধাসকলক এই প্ৰতিষেধক প্ৰদান কৰা হ’ব বুলি ইতিমধ্যে ঘােষণা কৰিছে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।