fbpx
অসম

গুৱাহাটীত কৃত্ৰিম বানৰ বিভীষিকা! বুধবাৰে বন্ধ থাকিব মহানগৰীৰ সকলো শিক্ষানুষ্ঠান…

সোমবাৰৰ নিশাৰে পৰা অহা প্ৰৱল বৃষ্টিপাতৰ ফলত একপ্ৰকাৰ বিধ্বস্ত হৈ পৰিছে গুৱাহাটী মহানগৰী।

সমগ্ৰ গুৱাহাটী পানীৰ তলত। স্তব্ধ যাতায়ত ব্যৱস্থা।

কৃত্ৰিম বানৰ বিভীষিকা প্ৰতি লক্ষ্য ৰাখি বুধবাৰে বন্ধ থাকিব মহানগৰীৰ সকলো শিক্ষানুষ্ঠান।

বুধবাৰে কামৰূপ মহানগৰ জিলাত নেৰানেপেৰা বৰষুণ হ’ব বুলি বতৰ বিজ্ঞান কেন্দ্ৰৰ ভৱিষ্যতবাণীৰ পৰিপ্ৰেক্ষিতত সকলো বিদ্যালয়/ মহাবিদ্যালয় (চৰকাৰী আৰু ব্যক্তিগত) কাইলৈ বন্ধ ৰখাৰ পৰামৰ্শ দিছে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই।

অৱশ্যে ইতিমধ্যে নিৰ্ধাৰিত হৈ থকা পৰীক্ষাসমূহ চলি থাকিব।

উল্লেখ্য যে সোমবাৰে নিশাৰ পৰা হোৱা ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত এইপৰ্যন্ত ৫ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!