গুৱাহাটীত উপস্থিত NDA-ৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মু, বৰঝাৰ বিমানবন্দৰত উষ্ম আদৰণি

অসমত উপস্থিত এন ডি এৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মু।

মঙলবাৰে নিশা প্রায় ১০ বজাত ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীগৰাকীয়ে বিশেষ বিমানেৰে বৰঝাৰ বিমান বন্দৰত অৱতৰণ কৰে।

বিমান বন্দৰত ৰাজ্যৰ ভিন্ন জনগোষ্ঠীৰ নৃত্য, গীত, বাৰেৰহণীয়া সাংস্কৃতিক সমাহাৰেৰে আদৰণি জনোৱা হয় দ্রৌপদী মুর্মুক।

image 53
গুৱাহাটীত উপস্থিত NDA-ৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মু, বৰঝাৰ বিমানবন্দৰত উষ্ম আদৰণি 3

মুখ্যমন্ত্রী হিমন্তবিশ্ব শৰ্মা, প্রাক্তন মুখ্যমন্ত্রী তথা কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতা, গুৱাহাটীৰ মেয়ৰ মৃগেন শৰণীয়াকে ধৰি ৰাজ্যৰ কেইবাগৰাকী মন্ত্ৰী আৰু বিজেপিৰ শীর্ষ নেতাই ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীগৰাকীক উষ্ম আদৰণি জনায়।

বিমান বন্দৰৰ পৰা ওলাই দ্রৌপদী মুর্মুৱে মুখ্যমন্ত্রী হিমন্তবিশ্ব শৰ্মাৰ স’তে একেখন বাহনতে উঠি নিশাটো কটাবলগীয়া পঞ্চতাৰকা হোটেল ৰেডিছন ব্লুলৈ ৰাওনা হয়।

উল্লেখ্য যে, বুধবাৰে পুৱাই তেওঁ ৰাওনা হয় অৰুণাচল প্ৰদেশ আৰু মেঘালয়লৈ। ৰাজ্য দুখনৰ এন ডি এৰ বিধায়ক আৰু সাংসদসকলক সাক্ষাৎ কৰি তেওঁ নিশা গুৱাহাটীলৈ উভতি আহিব।

৭ জুলাইত ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীগৰাকীয়ে অসমৰ এন ডি এ তথা বিজেপি মিত্রজোঁটৰ বিধায়ক আৰু সাংসদসকলক সাক্ষাৎ কৰিব মুৰ্মুৱে।

image 52
গুৱাহাটীত উপস্থিত NDA-ৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মু, বৰঝাৰ বিমানবন্দৰত উষ্ম আদৰণি 4

ইফালে, ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত সম্প্ৰতি বিশ্বনাথৰ এগৰাকী মহিলা চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বহুতৰ বাবে। মহিলাগৰাকীৰ ঘৰ বিশ্বনাথৰ পাভৈত। দ্রৌপদী মুর্মু এন ডি এৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে মনোনীত হোৱাৰ পিচতে বিশ্বনাথৰ এই মহিলাগৰাকীয়ে দৃষ্টি আকৰ্ষণ কৰিছে বহু লোকৰ। কাৰণ এটা সময়ত বৰ্তমানৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্রৌপদী মুমুৰ লগত একেলগে ৭ দিন আছিল এইগৰাকী মহিলা। মহিলাগৰাকীৰ নাম ৰুক্মিণী কিষাণ বৰকটকী। এন ডি এৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাবে দ্রৌপদী মুর্মু নির্বাচিত হোৱাত উৎফুল্লিত হৈ পৰিছে বিশ্বনাথৰ এইগৰাকী মহিলা।

ইয়াৰ কাৰণ হ’ল ২০০৬ চনৰ বিধানসভা নিৰ্বাচনত বিশ্বনাথ সমষ্টিত বিজেপি প্রার্থী দিগন্ত ঘাটোৱাৰৰ হৈ প্ৰচাৰ চলাবলৈ আহিছিল তেতিয়াৰ বিধায়ক দ্রৌপদী মুর্মু, তেতিয়া তেওঁৰ সৈতে ছাঁৰ দৰে আছিল মহিলাগৰাকী।

উল্লেখ্য যে ২০০৬ চনত দ্রৌপদী মুর্মু বিশ্বনাথৰ এখন হোটেলত ৭ দিনকৈ আছিল আৰু নিৰ্বাচনী প্ৰচাৰ চলাইছিল। সেই সময়ত দিনে নিশাই ৰুক্মিণীয়ে দ্রৌপদী মুৰ্মুক বিভিন্নধৰণে সহায় কৰিছিল।

তদুপৰি সেই সময়ত আটছাৰ বিষয়বাবত থকা বৰ্তমানৰ তেজপুৰৰ সাংসদ পল্লৱ লোচন দাসক দ্রৌপদী মুৰ্মৰ লগত চিনাকি কৰাই দিছিল এই ৰুক্মিণীয়েই। অতি আশ্চর্যজনকভাৱে পাভৈৰ বাসিন্দা ৰুক্মিণী কিষাণ বৰকটকীয়ে আজিও ২০০৬ চনত বৰ্তমানৰ এন ডি এৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীগৰাকীয়ে প্ৰদান কৰা এখন শাড়ী সযতনে ৰাখি থৈছে।

মঙলবাৰে উক্ত শাৰীখন পিন্ধিয়ে সাংবাদিকৰ সন্মুখত পুৰণি কথাবোৰ এটা এটাকৈ কৈ গ’ল বৰ্তমানৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰা ৰুক্মিণী কিষাণ বৰকটকীয়ে।

ইফালে দ্ৰৌপদী মুর্মু ৰাজ্যপাল হৈ থকাৰ সময়তো মাজে মাজে ৰুক্মিণীয়ে ম’বাইলযোগে কথা পাতি আছিল যদিও বৰ্তমান ৰুক্মিণীৰ সেই ম’বাইল ফোনটো হেৰাই যোৱাত যোগাযোগ হোৱা নাই বুলি উল্লেখ কৰে তেওঁ।