
নিউজ ডেস্কঃ মাত্ৰ ৫ বাৰ কাণত ধৰি উঠা-বহা কৰিয়েই ধৰ্ষণৰ অভিযোগৰ পৰা মুক্তি পালে এজন অভিযুক্তই।
এগৰাকী ৫ বছৰীয়া কন্যাক যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত এজন লম্পটক গাঁৱৰ পঞ্চায়তে মাত্ৰ ৫ বাৰ কাণত ধৰি উঠা-বহা কৰিবলৈ দি নিৰ্দোষিতাৰ প্ৰমাণ পত্ৰ প্ৰদান কৰে।
শেহতীয়াকৈ এই লঘু শাস্তিৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।
এনে চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে বিহাৰৰ নৱাদা জিলাৰ আকবৰপুৰ ব্লকৰ কনৌজ গাঁৱত।
জানিব পৰা মতে, গাঁওখনৰ এজন লম্পট ব্যক্তিয়ে চকলেটৰ প্ৰলোভন দি গাঁওখনৰ এটি ৫ বছৰীয়া শিশুক যৌন নিৰ্যাতন চলায়।
এই ঘটনা পোহৰলৈ অহাৰ পিছতে অভিযুক্ত লোকজনৰ বিৰুদ্ধে গাঁৱৰ পঞ্চায়তত বিচাৰ বহে।
#बिहार: 5-वर्षीय बच्ची से रेप के आरोपी की सज़ा सिर्फ पांच उठक-बैठक…@NitishKumar @yadavtejashwi #ViralVideos pic.twitter.com/2cCGdHCuBv
— Saurabh Yadav (@Saurabh21Ydv) November 25, 2022
য’ত পঞ্চায়তে লোকজনক কাণত ধৰি ৫ বাৰ উঠা-বহা কৰাৰ শাস্তি প্ৰদান কৰাৰ পিছত নিৰ্দোষিতাৰ ৰায় দিয়ে।
ইফালে এই জঘন্য ঘটনাৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে।
অভিযুক্ত লোকজনক আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰাৰ লগতে গাঁৱৰ পঞ্চায়তখনৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিয়ে।