গুৰুজনালৈ শতকোটি প্ৰণাম জনাই দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ অসমীয়া টুইট…

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ তিৰোভাৱ তিথি।

ভক্তি ৰসত মুখৰিত ৰাজ্যৰ আকাশ বতাহ।

ৰাজ্যৰ নামঘৰে নামঘৰে পুৱাৰে পৰা দেখিবলৈ পোৱা গৈছে গুৰুজনাৰ বন্দনা।

জগতগুৰু শ্রীমন্ত শংকৰদেৱৰ বন্দনা, নাম-কীৰ্তন, হৰি নামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে আকাশ বতাহ।

ভক্তি ৰসৰ এক জীপাল পৰিৱেশৰ মাজত ৰাজ্যজুৰি সৰ্বগুণাকাৰ গুৰুজনাক স্মৰণ কৰিছে ৰাজ্যৰ জণগনে।

গুৰুজনৰ পবিত্ৰ তিৰোভাৱ তিথি উপলক্ষে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কৰিছে বিশেষ টুইট।

গুৰুজনালৈ শতকোটি প্ৰণাম জনাই দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল অসমীয়াতে কৰিছে টুইট।

তেওঁ লিখিছে- হৰি নাম ৰসে বৈকুণ্ঠ প্ৰকাশে প্ৰেম অমৃতৰ নদী, শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলা বহে ব্ৰহ্মাণ্ডক ভেদি।। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথিত গুৰুজনালৈ শতকোটি প্ৰণাম।

জগতগুৰু শ্রীমন্ত শংকৰদেৱৰ পবিত্ৰ তিৰোভাৱ তিথি উপলক্ষে দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকীয়ে অসমীয়াতে কৰা টুইটটোৱে অসমবাসীৰ হৃদয় চুইছে।