গুলীটো ফুটাবলৈ সহজ! কিন্তু জীৱনটো জানো ঘূৰাই দিব পাৰি…

নিউজ ডেস্কঃ এনকাউণ্টাৰ আৰু ভুৱা এনকাউণ্টাৰ! এই দুটা শব্দই বিগত কিছু মাহ ধৰি চৰ্চিত হৈ আছে সমগ্ৰ ৰাজ্যত।

এনকাউণ্টাৰৰ নামত চৰকাৰে দিনৰ পোহৰতে হত্যাযজ্ঞ আৰম্ভ কৰিছে বুলিও অভিযোগ উত্থাপন কৰি আহিছে বিৰোধীয়ে।

এনকাউণ্টাৰক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আনকি আদালতেও।

কিন্তু তাৰ পিছতো বিগত সময়ত ৰাজ্যত এনকাউণ্টাৰৰ বলি হৈ কোনোবা যদি ঘূণীয়া হৈছে, আন কোনোবাই আকৌ হেৰুৱাইছে প্ৰাণ।

মাত্ৰ এদিন পূৰ্বে আৰক্ষীৰ এনকাউণ্টাৰত মৃত্যু ঘটিছিল ৰঞ্জিত বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত শ্বাহ আলম।

‘সক্ষম’ অসম আৰক্ষীৰ জিম্মাৰ পৰাই আগদিনা হেণ্ডকাফসহ পলাবলৈ সক্ষম হৈছিল শ্বাহ আলমে।

আৰু তাৰ পিছতে আৰক্ষীৰ এনকাউণ্টাৰত মৃত্যু ঘটে অভিযুক্তজনৰ।

এই এনকাউণ্টাৰক লৈ ৰাজ্যৰ শাসক-বিৰোধীৰ মাজত ৰাজনৈতিক চৰ্চা চলি থকাৰ সময়তে পুনৰ সংঘটিত হ’ল আন এক এনকাউণ্টাৰ।

এইবাৰ এনকাউণ্টাৰৰ স্থান সোণাৰি। এনকাউণ্টাত নিহত হ’ল দুৰ্ধৰ্ষ গাড়ী চোৰ সন্তোষ জয়ছোৱাল ওৰফে দুলু।

গোপন খবৰ লাভ কৰি আৰক্ষীয়ে চলাইছিল অভিযান।

সোণাৰিৰ চেঁচাসত্ৰত শহুৰেকৰ ঘৰত আত্মগোপন কৰি থকা গাড়ী চোৰটোৱে আৰক্ষীক দেখি পলাবলৈ চেষ্টা কৰাৰ সময়তে আৰক্ষীৰ বন্দুকৰ নলীৰে সৰকা গুলীয়ে পেটত আঘাত কৰে সন্তোষৰ।

যাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা চোৰটোক অসম চিকিৎসা মহাবিদ্যালয়লৈ নিয়াৰ পথতে মৃত্যু ঘটে।

সন্তোষৰ মৃত্যুৰ পিছতে এতিয়া কেমেৰাৰ সন্মুখত কান্দি কান্দি এনকাউণ্টাৰৰ সমগ্ৰ ঘটনা বিৱৰি কৈছে পত্নী বন্দিতা তামুলীয়ে।

এটি দুবছৰীয়া ছোৱালীৰ পিতৃ আছিল গাড়ী চোৰ সন্তোষ।

পত্নীয়ে প্ৰকাশ কৰা মতে, আজিয়েই শহুৰেকৰ ঘৰলৈ আহিছিল সন্তোষে।

সেই সময়তে আৰক্ষীয়ে অভিযান চলোৱাত আৰক্ষীক দেখি পলাবলৈ লৈছিল গাড়ী চোৰটোৱে।

আৰক্ষীয়ে ৰ’বলৈ কৈছিল, কৈছিল পত্নীয়েও। কিন্তু কাৰো কথা নুশুনি চোৰটোৱে কেৱল পলাব বিচাৰিছিল।

তেতিয়াই কোনোবা এজন আৰক্ষী বিষয়াই কৈছিল- গুলীয়াই দে..।

স্বামীক নুগুলীয়াবলৈ আৰক্ষীৰ হাতে-ভৰিয়ে ধৰিছিল পত্নী বন্দিতাই।

বাৰে বাৰে কৈছিল- লাগিলে জে’লত ভৰাই থওক। কিন্তু নুগুলীয়াব।

কিন্তু কথা নুশুনিলে আৰক্ষীয়ে! পত্নী বন্দিতাৰ কাতৰ আহ্বানকো উপেক্ষা কৰি পত্নীৰ সন্মুখতে গুলীবিদ্ধ কৰে গাড়ীচোৰ স্বামীক।

আৰ তাৰ পিছতে অসম চিকিৎসা মহাবিদ্যালয়লৈ নিয়াৰ পথত মৃত্যু ঘটে সন্তোষ নামৰ গাড়ী চোৰটোৰ।

নিজৰ চকুৰ সন্মুখতে গুলীবিদ্ধ হৈ স্বামীৰ মৃত্যু ঘটা দেখি এতিয়া শোকত ভাগি পৰিছে বন্দিতা তামুলী।

দুবছৰীয়া ছোৱালীজনীৰ সৈতে ভৱিষ্যত কিদৰে পাৰ কৰিব তাক লৈও কৰিছে চিন্তা।

বন্দিতা তামুলীয়ে সাংবাদিকৰ কেমেৰাৰ্ সন্মুখত কোৱা কথাখিনিৰ পিছত এতিয়া বহুজনে উত্থাপন কৰিছে বহু প্ৰশ্নৰো।

স্মাৰ্ট অসম আৰক্ষীৰ হাতত অপৰাধীক কৰায়ত্ত কৰাৰ বাবে কেৱল এনকাউণ্টেৰেই শেষ উপায় আছে নেকি বুলিও প্ৰশ্ন কৰিছে অনেকে।

বহুতেই আক্ষেপ ব্যক্ত কৰিছে- গুলীটো ফুটাবলৈ সহজ, কিন্তু জীৱনটো ঘূৰাই দিবলৈহে টান।

এনে পৰিপ্ৰেক্ষিতত কেৱল গুলীয়ালেই অপৰাধীৰ ওপৰত আৰক্ষীৰ দমন প্ৰমাণিত নহয় বুলিও মন্তব্য কৰিছে বহুতে।