
নিউজ ডেস্ক। শনিবাৰে সন্ধিয়া নগাঁৱত সংঘটিত ৰহস্যজনক এনকাউন্টাৰত এগৰাকী ছাত্ৰনেতা গুলীবিদ্ধ হােৱা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সমগ্ৰ ৰাজ্যত।
বিভিন্ন দল-সংগঠনে এই ঘটনাক তীব্ৰ সমালােচনা কৰাৰ লগতে এই ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্ত দাবী তুলিছে।
ইপিন, অসম চৰকাৰে এই ঘটনাৰ তদন্তৰ বাবে গঠন কৰিছে এজনীয়া তদন্ত সমিতি।

ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব পবন কুমাৰ বৰঠাকুৰৰ এজনীয়া সমিতিক আৰক্ষীৰ গুলীচালনা কাণ্ডৰ তদন্তৰ দায়িত্ব কৰিব। লগতে এসপ্তাহৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিল কৰিব।
উল্লেখ্য যে দেওবাৰে এই গুলীচালনাৰ ঘটনাৰ প্ৰতিবাদত নগাঁও চহৰ কঁপাই তুলিলে সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত অগণন প্ৰতিবাদকাৰীয়ে।
উল্লেখ্য যে, শনিবাৰে নিশা নগাঁৱত আৰক্ষীৰ গুলীত আহত হয় ছাত্ৰ নেতা কীৰ্তিকমল বৰা। পৰিয়ালৰ অভিযোগ অনুসৰি, মাতৃৰ বাবে ঔষধ নিবলৈ বাইক লৈ ওলাই অহাৰ পিছতে পৰিকল্পিতভাৱে কীৰ্তি কমলৰ ওপৰত গুলিচালনা কৰে আৰক্ষীয়ে।

ভৰিত আৰক্ষীৰ গুলি লগাব পিছত নিশাই কীৰ্তিকমলক ভোগেশ্বৰী ফুকননী অসামৰিক হাস্পতাললৈ লৈ যোৱা হয়। পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে ছাত্ৰনেতা জনক GMCH লৈ প্ৰেৰণ কৰে।
ইফালে কীৰ্তিকমলৰ পৰিয়ালৰ অভিযোগ অনুসৰি বিনা কাৰণত গুলিচালনা কৰা খোদ আৰক্ষীয়ে সেই সময়ত সুৰাপান কৰি আছিল। প্ৰদীপ বণিয়া নামৰ এজন আৰক্ষী বিষয়াৰ বিৰুদ্ধে গুলিচালনা কৰাৰ অভিযোগ উত্থাপন হৈছে।

আনহাতে নিশাই আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ চিভিল হাস্পতালত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় আৰু ছাত্ৰ নেতাজন ড্ৰাগছ ব্যৱসায়ৰে জড়িত থকা বুলি দাবী কৰে।
One-man inquiry commission of Additional CS Shri Paban Kumar Borthakur will probe the Jan 22 Nagaon police firing incident & submit report within 7 days.
— Himanta Biswa Sarma (@himantabiswa) January 23, 2022
Officers concerned will be placed on ‘reserve close’ and action will be taken against policemen if found guilty.
আৰক্ষী অধীক্ষক গৰাকীৰ মতে কীৰ্তিকমলৰ ওচৰৰ পৰা ড্ৰাগছৰ ৮টা ভাইল জব্দ হৈছে। আৰক্ষীক আক্ৰমণৰ চেষ্টা কৰাৰ বাবেই ছাত্ৰনেতা জনৰ ওপৰত আৰক্ষীয়ে গুলিচালনা কৰা বুলি মন্তব্য কৰে আনন্দ মিশ্ৰই।

কিন্তু আৰক্ষীৰ এই মন্তব্যৰ বিপৰীতে পৰিয়াল আৰু স্থানীয় লোকে কীৰ্তিকমল ড্ৰাগছৰ ব্যৱসায়ৰে জড়িত থকাৰ অভিযোগ সম্পূৰ্ণৰূপে খাৰিজ কৰিছে আৰু আৰক্ষীয়ে নিজৰ ভুল গাপ দিবলৈ মনে সজা কাহিনী ৰচা বুলি প্ৰত্যাভিযোগ তোলে।

পবন কুমাৰ বৰঠাকুৰ (ফাইল ফটাে)
আনফালে নগাঁৱৰ লগতে সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ মাজতে আজি নগাঁও চহৰত এজেৱাইচিপিৰ নেতৃত্বত অসংখ্য লোকে মুখ্যমন্ত্ৰী আৰু নগাঁৱৰ এছপি আনন্দ মিশ্ৰৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
প্ৰতিবাদকাৰীয়ে অভিযুক্ত আৰক্ষী বিষয়া প্ৰদীপ বণিয়াক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ লগতে সমগ্ৰ বিষয়টোৰ নিৰপেক্ষ আৰু ক্ষীপ্ৰ তদন্ত কৰিবলৈ দাবী জনায়।