গুলি ফুটাই ব্যৱসায়িক প্ৰতিষ্ঠানত ডকাইতি কৰা ৪ জনক গ্ৰেপ্তাৰ, জব্দ পিষ্টল, নগদ ধন

নিউজ ডেস্ক। পিষ্টল দেখুৱাই ব্যৱসায়িক প্ৰতিষ্ঠানত ডকাইতি কাণ্ড সংঘটিত কৰা চক্ৰৰ ৪ জনক গ্ৰেপ্তাৰ বৰপেটাৰোড আৰক্ষীৰ।

যােৱা ৬ জানুৱাৰীৰ সন্ধিয়া বৰপেটাৰোডৰ কলহভাংগাস্থিত এম এছ ৰাধা কৃষ্ণ হার্ডৱেৰ নামৰ ব্যৱসায়িক প্রতিষ্ঠানখনত সংঘটিত হৈছিল এই চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা।

বৰপেটা আৰক্ষীয়ে ঘটনাৰ এদিন পিচতে দুটা দুর্বৃত্তক গ্ৰেপ্তাৰ কৰাৰ পিচত নাগালেণ্ডৰ ডিমাপুৰ আৰু গুৱাহাটীৰ আই এছ বি টিৰ পৰা আটক কৰে আন দুটাক।

ইতিমধ্যে অভিযুক্তকেইজনৰ পৰা সিদিনাৰ ঘটনাত ব্যৱহৃত এটা পিষ্টল, গুলী, কিছু নগদ ধন আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে।

আটকাধীন লােক কেইজন হৈছেঃ বৰপেটাৰোড থানাৰ অন্তৰ্গত বালাভিঠাৰ শ্ৰীধৰ মণ্ডল (৩৭), চেঙেলীয়াৰ আবু তাহেৰ (৩৫), কলহভাংগাৰ খুশী সূত্ৰধৰ (৩৩) আৰু বাক্সা জিলাৰ গোৱৰ্ধনা থানাৰ অন্তৰ্গত আঠীয়াবাৰী গাঁৱৰ মোহিনী ৰাজবংশী (৩৫)।

উল্লেখ্য, এই ব্যৱসায়িক প্রতিষ্ঠানখন বৰপেটাৰোডৰ বিজেপি নেতা তথা প্রাক্তন পৌৰপতি, বৰ্তমানৰ ৱাৰ্ড কমিছনাৰ দিলীপ সাহাৰ।

সিদিনা সন্ধিয়া ৭ মান বজাত দিলীপ সাহাৰ পুত্ৰ ডিম্পল সাহাই হিচাপ-নিকাচ কৰি থাকোতে দুখন মটৰ চাইকেলত অহা চাৰ্জিনীয়া দুৰ্বৃত্তৰ দলে পিষ্টল আৰু খুকুৰিৰ ভাবুকি দেখুৱাই ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ পৰা ৫০ হেজাৰ টকা লুট কৰি নিয়ে।

এই লুণ্ঠন প্ৰত্যক্ষ কৰি ডকাহঁতৰ দলটোক একাংশ কৰ্মচাৰী আৰু ওচৰৰে ৰাইজে খেদি আহে।

কিন্তু দুর্বৃত্তৰ দলটোৱে শূন্যলৈ এজাই গুলী চলাই পলায়ন কৰে।

এই ঘটনাৰ পিচতে বৰপেটাৰোড আৰক্ষীৰ লগতে বৰপেটা আৰক্ষীৰ এটা দলে সুকীয়াকৈ তদন্ত আৰম্ভ কৰে।