fbpx
ৰাষ্ট্ৰীয়অসমীয়া

গুটখা কােম্পানীৰ বিজ্ঞাপনত বলিউডৰ তাৰকা, ইয়াৰ বিপৰীতে দক্ষিণৰ চুপাৰষ্টাৰ আল্লু অৰ্জুনে গঢ়িছে এই আদৰ্শ…

নিউজ ডেস্ক। কিহৰ টকাৰ অভাৱ অভিনেতা অজয় দেৱগন, শ্বাহৰুখ খান, অক্ষয় কুমাৰৰ?

এখন ছবিৰ পৰাই কোটি কোটি টকা উপাৰ্জন কৰা বলীউডৰ এনে তাৰকাই নিজে ভালতকৈও ভাল খায়, প্ৰতিনিয়ত স্বাস্থ্যৰ যতন লয়। কিন্তু আনক খাবলৈ প্ৰৰোচিত কৰে ধপাত, গুটখা।

কিন্তু অৰ্থলোভী এনে ধনী তাৰকাৰ বিপৰীতে এতিয়া যুৱ প্ৰজন্মৰ বাবে আদৰ্শ হৈ পৰিছে দক্ষিণৰ চুপাৰষ্টাৰ ষ্টাৰ আইকন খ্যাত আল্লু অৰ্জুন।

G2 22

বুজন পৰিমাণৰ ধনৰ অফাৰ লাভ কৰিও সমাজৰ অহিত চিন্তা কৰিব নোৱাৰা আৰু তেওঁৰ অগণন সমৰ্থকক বিপথে পৰিচালনা কৰিব নোৱাৰাৰ মানসিকতাৰ বাবেই আল্লু আৰ্জুনে প্ৰত্যখ্যান কৰিছে ধপাতৰ বিজ্ঞাপনত অভিনয় কৰাৰ সুযোগ।

নিজেও নিচাজাতীয় সামগ্ৰীৰ পৰা দূৰত থকা স্বাস্থ্য সচেতন তাৰকাগৰাকীয়ে ধপাতৰ বিজ্ঞাপন কৰিবলৈ অস্বীকাৰ কৰাৰ পিছতে এতিয়া সামাজিক মাধ্যমত ৰিয়েল হিৰ’ হৈ পৰিছে আল্লু আৰ্জুন।

ধপাত জাতীয় নিচাযুক্ত সামগ্ৰীৰ সেৱনৰ পৰিৱৰ্তে গছ ৰোপণৰ দৰে সামাজিক কামত নিজকে নিয়োজিত কৰিবলৈও যুৱ প্ৰজন্মক আহ্বান জনায় চুপাৰষ্টাৰগৰাকীয়ে।

উল্লেখ্য যে, ২০১৮ চনত এনেধৰণৰ কথাৰেই সকলোৰে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল বলীউড অভিনেতা অক্ষয় কুমাৰে।

ভাৰত চৰকাৰৰ ‘ফিট ইণ্ডিয়া’ৰ প্ৰশংসা কৰি ২০১৮ৰ এটা অনুষ্ঠানত অক্ষয় কুমাৰে কৈছিল- তেওঁ যিমান টকা লাভ কৰিলেও সমাজক বিপথে পৰিচালিত কৰিবপৰা ধপাত জাতীয় সামগ্ৰীৰ বিজ্ঞাপন কেতিয়াও নকৰে।

কিন্তু শেহতীয়াকৈ নিজে কৰা প্ৰতিজ্ঞা নিজেই ভংগ কৰি টকাৰ লোভত অক্ষয় কুমাৰেও অভিনয় কৰিলে এটা গুটখা কোম্পানীৰ বিজ্ঞাপনত। যাৰ বাবে শেহতীয়াকৈ সামাজিক মাধ্যমত যথেষ্ট সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছে অভিনেতাগৰাকী।

অক্ষয় কুমাৰৰ উপৰিও শ্বাহৰুখ খান, অজয় দেৱগণৰ দৰে অভিনেতাইও এনে ধৰণৰ বিজ্ঞাপনত অভিনয় কৰি বৃহৎ অৰ্থ উপাৰ্জনৰ নতুন বাট খুলি ৰাখিছে।

অন্যহতে বলীউডৰ এনে ‘টকাৰ পিছত দৌৰা’ তথাকথিত জননায়কৰ বিপৰীতে দক্ষিণৰ অভিনেতা আল্লু অৰ্জুন বা তেওঁৰ পূৰ্বে ৰজনীকান্তৰ দৰে চুপাৰষ্টাৰে ধঁপাত, গুটখাৰ বিজ্ঞাপনত অভিনয় কৰাৰ অফাৰ প্ৰত্যাখ্যান কৰি সঁচাকৈয়ে এক আদৰ্শ স্থাপন কৰিছে।

লগতে চাওকঃ

দৰাৰ গালত প্ৰচণ্ড চৰ কইনাৰ! কাৰণ জানি আচৰিত হ’ব আপুনিও, ভাইৰেল ভিডিঅ’…

G3 17

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!