
নিউজ হেস্ক। গুজৰাটত উন্মোচন কৰা হ’ল ১০৮ ফুট উচ্চতাৰ ৰামভক্ত হনুমানৰ প্ৰতিমূৰ্তি।
‘হনুমানজী চাৰ ধাম’ প্ৰকল্পৰ অংশ হিচাপে গুজৰাটৰ মৰবীত নিৰ্মাণ কৰা ৰামভক্ত হনুমানৰ বিশাল প্ৰতিমূৰ্তিটো ভিডিঅ’ কনফাৰেন্সযোগে উন্মোচন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে জাৰি কৰা এক বিজ্ঞপ্তি অনুসৰি, ‘হনুমানজী চাৰ ধাম’ প্ৰকল্পৰ জৰিয়তে দেশৰ চাৰিটা দিশত চাৰিটা প্ৰতিমূৰ্তি স্থাপনৰ পৰিকল্পনা কৰা হৈছে। ইয়াৰে প্ৰথমটো অৰ্থাৎ উত্তৰ দিশত ২০১০ চনত হিমাচল প্ৰদেশৰ চিমলাত উন্মোচন কৰা হৈছিল। তাৰ পিছতে শনিবাৰে গুজৰাটৰ মৰবীত পশ্চিম দিশত স্থাপন কৰা প্ৰতিমূৰ্তিটো উন্মোচন কৰা হ’ব।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰা মতে, মৰবীৰ বাপু কেশৱানন্দজীৰ আশ্ৰমত প্ৰতিমূৰ্তিটো স্থাপন কৰা হৈছে।
ইফালে ৰামেশ্বৰমত দক্ষিণ দিশৰ তৃতীয় মূৰ্তিটোৰ কাম ইতিমধ্যে আৰম্ভ হৈছে বুলিও জানিব পৰা গৈছে।
শনিবাৰ অৰ্থাৎ আজি হনুমান জয়ন্তীৰ শুভক্ষণত দ্বিতীয় বিশাল প্ৰতিমূৰ্তিটো উন্মোচন কৰা হয়।
লগতে চাওকঃ
দিল্লীৰ মুখ্যমন্ত্ৰীৰ বাসগৃহত আক্ৰমণ চলোৱা জেলফেৰৎ যুৱ মৰ্চাৰ সদস্যক বিজেপিৰ সম্বৰ্ধনা
