অসম
গায়ত্ৰী মহন্ত আৰু পবিত্ৰ মাৰ্ঘেৰিটাৰ জীৱনলৈ আহিল নতুন আলহী, যমজ সন্তানৰ মাতৃ হ’ল গায়ত্ৰী

অসমৰ জনপ্ৰিয় অভিনেত্ৰী গায়ত্ৰী মহন্ত আৰু সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ যুগ্ম জীৱনলৈ আহিল নতুন আলহী।
দুই যমজ সন্তানৰ পিতৃ মাতৃ হ’ল গায়ত্ৰী মহন্ত আৰু পবিত্ৰ মাৰ্ঘেৰিটা।
যমজ নৱজাত দুটিৰ এটি কন্যা আৰু আনটো পুত্ৰ সন্তান।
সামাজিক মাধ্যমত নিজেই এই কথা সদৰি কৰিছে সাংসদ মাৰ্ঘেৰিটাই।
ইতিমধ্যে দুয়োটিৰে নামো প্ৰকাশ কৰিছে পবিত্ৰ মাৰ্ঘেৰিটা।

কন্যাগৰাকীৰ নাম ৰখা হৈছে সূৰ্যস্নাতা আৰু পুত্ৰৰ নাম ৰাখিছে সূৰ্যবীৰ।
উল্লেখ্য যে পবিত্ৰ-গায়ত্ৰী যুটিৰ জ্যেষ্ঠ সন্তানটিৰ নাম হৈছে সূৰ্যাংগ জীউ।
সন্তানৰ হিচাপেৰে নৱাগত দুই সন্তানক লৈ মাৰ্ঘেৰিটাৰ মুঠ সন্তানৰ সংখ্যা তিনিটা।
সামাজিক মাধ্যমত এই খবৰ বিয়পি পৰাৰ পিছতে দুয়োকে অভিনন্দনেৰে উপচাই পেলাইছে শুভাকাংক্ষীয়ে।