
নিউজ ডেস্ক। কথা মতেই কাম কৰিলে বিজেপি বিধায়ক ৰূপজ্যােতি কুৰ্মীয়ে।
অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই বিধায়কগৰাকীয়ে ত্যাগ কৰিলে নিজৰ ব্যক্তিগত নিৰাপত্তাৰক্ষীক।
মুখ্যমন্ত্ৰীৰ জন্মদিনৰ দিনাই ব্যক্তিগত নিৰাপত্তাৰক্ষী ত্যাগ কৰে মৰিয়নিৰ বিধায়কগৰাকীয়ে।

উল্লেখ্য যে মংগলবাৰে মৰিয়নিতাে মুখ্যমন্ত্ৰীৰ জন্মদিন উদযাপন কৰা হৈছিল।
মুখ্যমন্ত্ৰীৰ অনুগামীসকলে মৰিয়নিৰ বিবেকানন্দ স্প’র্টিং ক্লাবত অনুষ্ঠিত কৰা এই অনুষ্ঠানতে ব্যক্তিগত নিৰাপত্তাৰক্ষী ত্যাগ কৰে বিধায়কগৰাকীয়ে।
ইয়াৰ লগতে নিজৰ তিনিজনকৈ নিৰাপত্তাৰক্ষীক গামােচা পিন্ধাই আৰু আলিংগন কৰি বিদায় জনায়।
সাংবাদিকৰ আগত মন্তব্য কৰি বিধায়কজনে কয়, ‘অসমলৈ এতিয়া শান্তিৰ পৰিৱেশ উভতি আহিছে। মুখ্যমন্ত্ৰীৰ লগতে গৃহ বিভাগৰো দায়িত্বত থকা ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে ৰাজ্যৰ প্রায় সকলো উগ্রপন্থী সংগঠনৰ স’তে আলোচনাৰ এক পৰিবেশ গঢ়ি তুলিবলৈ সক্ষম হৈছে। সেয়েহে এতিয়া অসমত নিৰাপত্তাৰক্ষী লৈ ফুৰাৰ পৰিৱেশো নাইকিয়া হৈছে। সেয়েহে মই আজি নিজৰ নিৰাপত্তাৰক্ষী ত্যাগ কৰিছো।’

উল্লেখ্য যে সুদীর্ঘদিন বিধায়ক ৰূপজ্যোতিৰ নিৰাপত্তাৰ দায়িত্বত থকা তিনি ব্যক্তিগত নিৰাপত্তাৰক্ষী কমল চেতিয়া, সুজিত মুণ্ডা আৰু পৰমেশ্বৰ গোৱালাক উক্ত অনুষ্ঠানতে বিধায়কজনে গামোচা পিন্ধাই আৰু একোটিকৈ জেকেট উপহাৰ ৰূপে আগবঢ়াই আৱেগিক পৰিৱেশত বিদায় জনায়।

অশ্রুসিক্ত নয়নেৰে তিনিওজন নিৰাপত্তাৰক্ষীয়ে সকলো সময়তে সকলো মুহূর্ততে তেওঁক সহযোগ কৰা বুলি উল্লেখ কৰি তেওঁলোকৰ সহযোগিতাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে।
উল্লেখ্য যে বিধায়কজনে ব্যক্তিগত নিৰাপত্তাৰক্ষী প্রত্যাহাৰ কৰিব বুলি জনাই যোৰহাট জিলাৰ আৰক্ষী অধীক্ষকলৈ এক পত্ৰ প্ৰেৰণ কৰিছিল।
লগতে চাওকঃ
নতুন ইতিহাস ৰচি ইষ্টাৰ্ণ কামাণ্ডৰ মুৰব্বীৰ দায়িত্বভাৰ ল’লে অসম সন্তান ৰাণা প্রতাপ কলিতাই
