Fri. Jan 15th, 2021

পুলক হাজৰিকা। গাৰোৰ গোবিন্দ, নগাৰ নৰোত্তম, মুছলমানৰ চান্দসাইৰ দৰে বৈষ্ণৱৰ গুৰু প্ৰীতিৰ নিদৰ্শনে অসমীয়া সমাজক ধন্য কৰাৰ পিছত এইবাৰ এগৰাকী বড়ো মহিলাৰ গুৰুভক্তিয়ে দৃষ্টি কাঢ়িছে ৰাইজৰ।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক গামোচাত ফুল বাছি পূৰ্ণাংগ ৰূপ দিয়া এইগৰাকী বড়ো মহিলা হৈছে বিশ্বনাথ জিলাৰ অন্তৰ্গত অসম-অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী অঞ্চল চেলাইখাটিৰ অৱন্তী দৈমাৰী।

গামোচাত সপোন ৰচিবলৈ সমৰ্থ হোৱা ভিতৰুৱা তথা পিছপৰা জনজাতীয় অধ্যুষিত গাঁও চেলাইখাটিৰ অৱন্তী দৈমাৰী নামৰ মহিলাগৰাকীয়ে অতি কষ্টেৰে নিজৰ তাঁতশালত গামোচাত শ্ৰীমন্ত শংকৰদেৱৰ প্ৰতিচ্ছবিৰ ফুল বাছি এক নতুন সম্ভাৱনাৰ দ্বাৰ মুকলি কৰিছে।

এইগৰাকী অমায়িক স্বভাৱৰ মহিলাই এতিয়া সকলোৰে মৰম বুটলিবলৈ সক্ষম হৈছে।

ধৰ্মৰ লগতে শিপিনী হিচাপেও বৃহত্তৰ বিশ্বনাথ, চেলাইখাটি, বালিচাং অঞ্চলৰ উপৰি বৰ্তমান ছ’চিয়েল মিডিয়াত ব্যাপক প্ৰচাৰ লাভ কৰিছে।

স্বামীহাৰা মহিলাগৰাকীয়ে একমাত্ৰ পুত্ৰক লৈ সাধাৰণভাৱে বসবাস কৰি আছে।

স্বামীক হেৰুওৱাৰ পিছতে জীৱিকাৰ তাড়নাত দিন হাজিৰা কৰিবলগীয়া হৈছিল যদিও বৰ্তমান তাঁতশালখনকে জীৱিকা হিচাপে বাছি লৈছে।

নীৰৱে জীৱন সংগ্ৰামৰ যুঁজ দি অহা সাহসী মহিলাগৰাকী শ্ৰীমন্ত শংকৰদেৱৰ একনিষ্ঠ সেৱক।

একশৰণীয়া ভাগৱতী সমাজৰ নগদা শাখাৰ শ্ৰীমন্ত শংকৰদেৱৰ একান্ত সেৱকৰূপে প্ৰতিটো মূহুৰ্ততে গুৰুৰ পদসেৱন, ভাগৱত পাঠ, নাম-কীৰ্তন কৰি ভাল পায় মহিলাগৰাকীয়ে।

ইয়াৰ উপৰি ৰাধাকৃষ্ণৰ যুগল প্ৰতিচ্ছবিকো নিজে বোৱা গামোচাত ফুল বাছি হুবহু ৰূপ দিছে অৱন্তী দৈমাৰীয়ে।

ধৰ্মীয় ভাবাৱেগৰ সমান্তৰালভাৱে সম্প্ৰীতিৰ এনাজৰীডালৰ গাঁঠিটো টান কৰিবলৈ চেষ্টা কৰা অৱন্তীৰ এই উদ্যম আগন্তুক ২০২১ চনৰ বাবে এটা ভাল খবৰ, এক ইতিবাচক দিশ।

লগতে চাওকঃ

নাগৰিকত্বৰ প্ৰকৃত তথ্য লুকুৱাই পাকিস্তানী মহিলা হ’ল পঞ্চায়তৰ সভানেত্ৰী! তদন্ত ঘােষণা

পঞ্চায়ত কাৰ্যালয়ত ছুইপাৰ হিচাপে কৰ্মৰত মহিলা নিৰ্বাচিত হ’ল পঞ্চায়তৰ সভানেত্ৰী!

দেশৰ কনিষ্ঠতম মেয়ৰ হিচাপে শপত গ্ৰহণ আৰ্যা ৰাজেন্দ্ৰনৰ