গাদী সুৰক্ষাৰ স্বাৰ্থত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘৃণাৰ বাণী ছটিয়াইছেঃ আব্দুল খালেক

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা বৰপেটাৰ সাংসদ আব্দুল খালেকৰ।

সাংসদ খালেকে কয়- গাদী সুৰক্ষাৰ স্বাৰ্থত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘৃণাৰ বাণী ছটিয়াইছে।

তেওঁ কয়- যিকোনো সভ্য মানুহে কোনো প্ৰতিষ্ঠিত ব্যক্তিৰ পিতৃৰ পৰিচয়ৰ ওপৰত প্ৰশ্ন নকৰে। ভাৰতীয় সভ্যতা সংস্কৃতিৰ প্ৰতি যদি বিজেপিৰ অকনমানো সন্মানবোধ আছে তেন্তে অতি সোনকালে হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী পদৰ পৰা বৰ্খাস্ত কৰিব লাগে।

লগতে তেওঁ কয়- হিমন্ত বিশ্ব শৰ্মাই অনৰ্গলভাৱে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰি আহিছে। তেওঁ উন্নয়ন কৰিব পৰা নাই, তেওঁ উন্নয়নৰ ৰাজনীতিত বিশ্বাস নকৰে।সেইবাবে গাদী সুৰক্ষাৰ স্বাৰ্থত হিমন্ত বিশ্ব শৰ্মাই কেৱল ঘৃণাৰ বাণী ছটিয়াইছে। কিন্তু তেওঁৰ এই প্ৰচেষ্টা সফল নহ’ব।

লগতে বিজেপিৰ জনবিৰোধী কামসমূহ এইবাৰ নিৰ্বাচনৰ পূৰ্বে উদঙাই দিয়া হব বুলিও মন্তব্য কৰে খালেকে। লগতে পৌৰসভা নিৰ্বাচনত ৰাইজক কংগ্ৰেছক ভোট দিবলৈ আহ্বান জনাই সাংসদগৰাকীয়ে।

ইপিনে মাজুলীৰ বিজেপি প্ৰাৰ্থী ভূৱন গাম সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কংগ্ৰেছৰ সাংসদ আব্দুল খালেকে।

সাংসদগৰাকীৰ মতে, ভূৱন গাম বিধানসভালৈ নিৰ্বাচিত হোৱাটো গণতন্ত্ৰৰ প্ৰতি ভাবুকি।

বিজেপি প্ৰাৰ্থী ভূৱন গামৰ বিৰুদ্ধে ভূমি কেলেংকাৰীৰ লগতে বহু দূৰ্নীতিৰ অভিযোগ থকা বুলি উল্লেখ কৰি খালেকে কয় যে মাজুলীত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰী জয়ী হোৱাটো নিশ্চিত।

ইফালে কংগ্ৰেছৰ পূৰ্বৰ প্ৰতিশ্ৰুতি অনুসৰি মাজুলী সমষ্টি অসম জাতীয় পৰিষদক এৰি দিয়া হৈছে আৰু চিত্তৰঞ্জন বসুমতাৰীক জয়ী কৰোৱাৰ বাবে কংগ্ৰেছে সৰ্ব শক্তিৰে জপিয়াই পৰিব বুলিও মন্তব্য কৰে সাংসদ আব্দুল খালেকে।

ভূবন গামক মাজুলীত প্ৰাৰ্থিত্ব প্ৰদান কৰি বিজেপিয়ে নিজৰ ভ্ৰষ্টাচাৰ উদঙাই দিছে বুলিও মন্তব্য খালেকৰ।

আনহাতে উত্তৰাখণ্ড, গোৱাৰ উদাহৰণ দাঙি ধৰি তেওঁ কয় যে, ২০২৪ চনত কেন্দ্ৰত এখন অবিজেপি চৰকাৰ গঠণ হ’ব।

লগতে বৰপেটাক ঐতিহ্য নগৰী হিচাপে গঢ় দিবলৈ ৰাজ্য চৰকাৰক দাবী জনাই সাংসদ আব্দুল খালেকে।

Leave a Comment