গাত খাকী পোছাক, কাম কিন্তু ডকাইতৰ! ৰঙাঘৰৰ আলহী হােৱা OC উৎপল বৰাৰ বিলাসী জীৱনৰ ৰহস্য কি?

নিউজ ডেস্কঃ পিন্ধে খাকী পোছাক, কাম কিন্তু ডকাইতৰ। ক্ষমতাৰ অপ্ৰয়োগ কৰি ভুৱা গোচৰৰ জালত পেলাই সাধাৰণ জনতাক প্ৰথমে ভীতিগ্ৰস্ত কৰে তেওঁ। তাৰ পিছতে গোচৰ উঠাই লোৱাৰ নামত দাবী কৰে ধন।

কিন্তু এশ গৰু মাৰিলে যিদৰে বাঘৰো মৰণ আহে, সেইদৰেই বিপদ নামিল অ’চি উৎপল বৰালৈও। ধূলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা সময়তে এগৰাকী চিকিৎসক আৰু এগৰাকী শিক্ষকক ভুৱা গোচৰত ফচাই ধন দাবী কৰি এতিয়া নিজেই হাতত হাতকেৰেয়া লগাবলগীয়া হ’ল এছআই উৎপল বৰাই।

image 277
গাত খাকী পোছাক, কাম কিন্তু ডকাইতৰ! ৰঙাঘৰৰ আলহী হােৱা OC উৎপল বৰাৰ বিলাসী জীৱনৰ ৰহস্য কি? 4

উল্লেখ্য যে, বৰ্তমান খাৰুপেটীয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উৎপল বৰাই ধূলা আৰক্ষী থানাৰ অ’চি হৈ থকা সময়তে সংঘটিত কৰিছিল সেই দুৰ্নীতি। জেজেএম আঁচনিৰ পাইপ চুৰি কৰা বুলি এগৰাকী চিকিৎসক আৰু এগৰাকী শিক্ষকৰ বিৰুদ্ধে ৫গোচৰ ৰুজু কৰি ৫ লাখ টকা দাবী কৰিছিল এছআই উৎপল বৰাই।

photo1658917620
গাত খাকী পোছাক, কাম কিন্তু ডকাইতৰ! ৰঙাঘৰৰ আলহী হােৱা OC উৎপল বৰাৰ বিলাসী জীৱনৰ ৰহস্য কি? 5

কিন্তু পৰৱৰ্তী সময়ত আৰক্ষী বিষয়াজনৰ এনে কাণ্ডৰ বিৰুদ্ধে দুয়োগৰাকী ব্যক্তিয়ে উচ্চ পৰ্যায়ৰ আৰক্ষীৰ কাষ চপাত ঘটনাৰ তদন্ত আৰম্ভ হয় আৰু সত্যাসত্য নিৰূপণ কৰি অৱশেষত দৰং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে উৎপল বৰাক।

photo1658916382
গাত খাকী পোছাক, কাম কিন্তু ডকাইতৰ! ৰঙাঘৰৰ আলহী হােৱা OC উৎপল বৰাৰ বিলাসী জীৱনৰ ৰহস্য কি? 6

উল্লেখ্য যে, এই ঘটনাৰ উপৰিও এতিয়া লাহে লাহে পোহৰলৈ আহিছে এছআই উৎপল বৰাৰ আন বহু দুৰ্নীতিৰ কাহিনী। মাটিৰ দালালৰ সৈতে আৰক্ষী বিষয়াগৰাকীৰ গোপন সম্পৰ্ক থকাৰ অভিযোগো শেহতীয়াকৈ উত্থাপন হৈছে।

সমান্তৰালভাৱে সাধাৰণ এছআই হৈ দুবাৰকৈ বিদেশ ভ্ৰমণ কৰা উৎপল বৰাৰ বিলাসী বাহন আৰু অগাধ সম্পত্তিক লৈও প্ৰশ্ন তুলিছে অনেকে।

খাকী পোছাকত কলংক সানি ক্ষমতাৰ অপপ্ৰয়োগেৰে সাধাৰণ জনতাক হাৰাশাস্তি কৰা আৰু ভুৱা গোচৰৰ নামত ধন দাবী কৰি অহা অ’চি উৎপল বৰাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। বৰ্তমান মঙলদৈ থানাত সোধাপোছা চলাই থকা হৈছে আৰক্ষী বিষয়াজনক।

1 thought on “গাত খাকী পোছাক, কাম কিন্তু ডকাইতৰ! ৰঙাঘৰৰ আলহী হােৱা OC উৎপল বৰাৰ বিলাসী জীৱনৰ ৰহস্য কি?”

Comments are closed.