অসমঅসমীয়া

গাড়ী চুৰি চক্ৰৰ কবলৰ পৰা কথমপি প্ৰাণৰক্ষা পৰিল উজ্জ্বলৰ, চিকিৎসালয়ত ভৰ্তি

নিউজ ডেস্ক। পুনৰ গাড়ী ভাড়ালৈ নি চালকক নিচাজাতীয় দ্ৰব্য খুৱাই গাড়ী চুৰি কৰি নিচলে এটা গাড়ী চুৰি চক্ৰই।

অৱশ্যে সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা পৰিল গাড়ীৰ গৰাকী তথা চালকজনৰ।

জানিব পৰা মতে, যােৱা ৪ ফেব্ৰুৱাৰীত গাড়ী চুৰি চক্ৰৰ কবলত পৰে নলবাৰীৰ পুষ্পকপুৰৰ বাসিন্দা তথা গাড়ী চালক উজ্জ্বল মালাকৰ (৩৫)।

3

ঘটনাৰ দিনা, নিজৰ AS-14 F-5975 নম্বৰৰ এল্ট’ ৮০০ গাড়ীখন লৈ দিনৰ ১১ মান বজাত ঘৰৰ পৰা নলবাৰী নাট্য মন্দিৰৰ ওচৰলৈ ওলাই আহিছিল উজ্জ্বল।

তেনে সময়তে উক্ত স্থানৰ পৰা কোনো অচিনাকি লোকে গাড়ীখন ভাড়া কৰি গুৱাহাটীলৈ বুলি উজ্জ্বলক লৈ যায়।

তেতিয়াৰ পৰাই গাড়ীসহ সন্ধানহীন হৈ পৰে উজ্জ্বল।

কিন্তু সৌভাগ্যক্ৰমে এই চক্ৰটােৰ পৰা কােনাে মতে প্ৰাণৰক্ষা পৰি দেওবাৰে সন্ধিয়া অসুস্থ অৱস্থাত নিজ গৃহত উপস্থিত হয় উজ্জ্বল।

5

তাৰ পাছতে চিকিৎসাৰ বাবে নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় উজ্জ্বল।

উজ্জ্বলে প্ৰকাশ কৰা অনুসৰি, গুৱাহাটী গৈ পোৱাৰ পিছতে অন্য এজন লোক বাহনখনত উঠিছিল।

পিছত গাড়ীখন পল্টন বজাৰৰ কোনো এটা ভিতৰুৱা পথত লৈ যায় আৰােহী কেইজনে।

তেওঁলােকে গাড়ীৰ ভিতৰতে চালকজনকো খাদ্য বস্তু যোগান ধৰে। ইয়াৰ পাছতে অসুস্থ হৈ পৰে। লগে লগে চক্ৰটোৱে গাড়ী ভাড়া আদায় দিয়াৰ চলেৰে কোনো এটা কোঠালৈ লৈ যায় আৰু তাত উপর্যুপৰি আক্রমণ কৰে।

পিছত আঘাতপ্রাপ্ত অৱস্থাৰে চক্ৰটোৰ কবলৰ পৰা কোনোমতে দৌৰি পলাই আহি পল্টন বজাৰ আৰক্ষী থানাত উপস্থিত হৈ ঘটনাৰ বিষয়ে আৰক্ষীক অৱগত কৰে।

সিদিনা নিশাটো বাহিৰতে কটাই পিছদিনা থানাখনৰ কোনো এজন আৰক্ষীয়ে দিয়া অলপ টকাৰে উজ্জ্বলে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভর্তি হয়।

উল্লেখ্য, গাড়ী চুৰি চক্ৰটোৱে উজ্জ্বলৰ এল্ট’ ৮০০ বাহনখন ইতিমধ্যে চুৰি কৰি নিয়ে।

দেওবাৰে সন্ধিয়াৰ ভাগত তেওঁ অসুস্থ দেহাৰে ঘৰত উপস্থিত হয় যদিও বিশেষকৈ চকুত আঘাত গুৰুতৰ হোৱাত তেওঁক নলবাৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

Related Articles

Leave a Reply

Back to top button