গাড়ী এখন “ৰাজহুৱা স্থান”! অকলে গাড়ী চলালেও মাস্ক পৰিধান অপৰিহাৰ্য: উচ্চ ন্যায়ালয়

April 7, 2021 0 By NEWS DESK

নিউজ ডেস্ক। দেশজুৰি ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণৰ দ্বিতীয় ঢৌৱে নিতৌ বৃহৎ সংখ্যক লােকক সংক্ৰমিত কৰিছে।

তেনে সময়তে দিল্লী উচ্চ ন্যায়ালয়ে এটা গােচৰৰ শুনানি প্ৰক্ৰিয়াত মন্তব্য কৰি কয় যে কােনাে ব্যক্তিয়ে অকলে গাড়ী চলাই যাত্ৰা কৰিলেও তেওঁ মাস্ক পৰিধান কৰাটাে অপৰিহাৰ্য।

গাড়ীক ৰাজহুৱা স্থান বুলি অভিহিত কৰে উচ্চ ন্যায়ালয়ে য’ত ক’ভিড প্ৰটকল প্ৰযােজ্য হয়। আদালতে কয় যে মাস্ক পৰিধান কৰা এজন ব্যক্তি নিজৰ লগতে চাৰিওফালে থকা লোকসকলৰ বাবে সুৰক্ষা কবচ।

উল্লেখ্য যে দিল্লীত গাড়ী চলােৱাৰ সময়ত মাস্ক পৰিধান নকৰা লােকৰ ওপৰত জৰিমনা বিহিছিল আৰক্ষীয়ে। তেনে একাংশ ভুক্তভােগী ইয়াৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ শৰণাপন্ন হৈছিল। এই গােচৰটােৰ শুনানিৰ সময়ত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ প্ৰতিভা এম সিঙে এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

ন্যায়াধীশগৰাকীয়ে কয় যে মাস্ক প্ৰতিজন মানুহৰ সুৰক্ষাৰ বাবে। গাড়ীৰ ভিতৰত অকলশৰে থকা অৱস্থাত মাস্ক পিন্ধিলে সমস্যা ক’ত?

গােচৰৰ শুনানিৰ সময়ত ন্যায়াধীশে মন্তব্য কৰে যে যেতিয়া এখন গাড়ী ট্ৰেফিক চিগনেলত ৰখােৱা হয়, তেনে সময়ত চালকসকলে তেওঁলোকৰ খিৰিকী নমাবলগীয়া হয়। ক’ভিড-১৯ ভাইৰাছ ইমানে সংক্ৰাক যে তেনে পৰিস্থিতিতাে ই আনৰ দেহলৈ বিয়পি পৰিব পাৰে।

উল্লেখ্য যে সৌৰভ শৰ্মা নামৰ অধিবক্তাসহ তিনিজন আবেদনকাৰীয়ে মাস্ক অবিহনে গাড়ী চলােৱা বাবে ৫০০ টকা জৰিমনা পৰিশোধ কৰিবলগীয়া হৈছিল।

উল্লেখ্য যে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে অকলে গাড়ী চলােৱাৰ সময়ত মাস্ক পৰিধান কৰাৰ ক্ষেত্ৰত কােনাে নিৰ্দেশনা জাৰি কৰা নাই যদিও দিল্লীৰ আম আদমী পাৰ্টি (আপ) চৰকাৰে ব্যক্তিগত বা ৰাজহুৱা বাহনত সকলোৰে বাবে মাস্ক পৰিধানৰ সপক্ষে যুক্তি দিছিল আৰু যোৱা বছৰ এপ্ৰিলত এনে নিৰ্দেশনা কাৰ্যকৰি কৰিছিল।