গাড়ীত যাত্ৰা কৰা সকলোৱে ব্যৱহাৰ কৰিব লাগিব চিট বেল্ট, কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ ঘোষণা…

গাড়ীত বাধ্যতামূলক হ’ব চিট বেল্টৰ ব্যৱহাৰ।
গাড়ীত যাত্ৰা কৰা সকলোৱে ব্যৱহাৰ কৰিব লাগিব চিট বেল্ট।
পিছফালৰ চীটত বহা লোকেও ব্যৱহাৰ কৰিব লাগিব বেল্ট।
চিট বেল্ট ব্যৱহাৰ নকৰিলে ভৰিব লাগিব জৰিমনা।
কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে কৰিছে এই গুৰুত্বপূৰ্ণ ঘোষণা।
কেন্দ্ৰীয় মন্ত্ৰীজনে কয় যে, বাহনৰ পিছৰ চিটত বহি থকা যাত্ৰীসকলেও চিট বেল্ট পৰিধান কৰিব লাগিব। যদিহে কোনোৱে চিটবেল্ট পৰিধান নকৰে তেন্তে জৰিমনা আৰোপ কৰা হ’ব।
বৰ্তমান বাহন নিৰ্মাতা প্ৰতিষ্ঠানসমূহে বাহনৰ সন্মুখৰ চিটত চিট বেল্ট পৰিধান নকৰিলে এলাৰ্ম বজাৰ ব্যৱস্থা আছিল যদিও পিছৰ চিটত সেই ব্যৱস্থা নাই। কেন্দ্ৰীয় মন্ত্ৰীজনে পিছৰ চিটৰ বাবেও এলাৰ্ম প্ৰণালী বাধ্যতামূলক কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে। এই বিষয়ে তেওঁ চিন্তা চৰ্চা কৰি থকা হৈছে বুলি মন্তব্য কৰিছে।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়- চৰকাৰে তিনি দিনৰ ভিতৰত এই সম্পৰ্কে এখন জাননী জাৰি কৰিব। জাননীখনত পিছৰ চিটত চিট বেল্ট নাথাকিলে জৰিমনা সম্পৰ্কীয় তথ্য প্ৰদান কৰা হ’ব।
কেন্দ্ৰীয় মটৰ বাহন নিয়মৰ (চিএমভিআৰ) নিয়ম ১৩৮(৩)ৰ অধীনত, পিছৰ চিটত চিট বেল্ট পৰিধান নকৰাৰ বাবে ১ হাজাৰ টকাৰ জৰিমনা আৰোপ কৰিব পাৰি বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।
মঙলবাৰে এক অনুষ্ঠানত ভাষণ দি তেওঁ কয়, “দেওবাৰে পালঘৰত সংঘটিত এক গাড়ী দুৰ্ঘটনাত টাটা চন্সৰ প্ৰাক্তন অধ্যক্ষ চাইৰাছ মিস্ত্ৰীৰ মৃত্যুৰ পিছত আমি সিদ্ধান্ত লৈছো যে বাহনসমূহত পিছফালৰ আসনৰ বাবেও চিট বেল্ট এলাৰ্ম প্ৰণালী থাকিব লাগে