গাঞ্জা সৰবৰাহত জড়িতৰ অভিযোগত GRPৰ ৭ জন আৰক্ষীক ৰিজাৰ্ভ ক্ল’জ…

গাঞ্জা সৰবৰাহত জড়িতৰ অভিযোগত GRPৰ ৭ জন আৰক্ষীক ৰিজাৰ্ভ ক্ল’জ।

কামাখ্যাৰ GRPৰ ৭ জন আৰক্ষীক কৰা হৈছে ৰিজাৰ্ভ ক্ল’জ।

গাঞ্জা বিক্রী কৰিবলৈ যাঁওতে আটক হৈছিল এজন জোৱান।

পূৰ্ণ দাস নামৰ এজন GRPৰ জোৱানক কৰিছিল আটক।

২ জুলাইত কামাখ্যাত এখন ৰে’লৰ পৰা জব্দ কৰিছিল গাঞ্জাখিনি।

পূৰ্ণ দাসৰ স্বীকাৰোক্তিৰ পিছতে ২ জুলাইত কৰ্তব্যৰত ৭জন আৰক্ষীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

ৰিজাৰ্ভ ক্ল’জ কৰা হৈছে ক্রমে-বলেন বৰ্মন, অমল কলিতা, প্রণৱ বসুমতাৰী, সত্য দাস, শৈলেন কাকতি, কুলদ্বীপ ডেকা আৰু ইছমাইল আলী।