অসম

গাঞ্জা ব্যৱসায়ীৰ বাহনলৈ আৰক্ষীৰ গুলীচালনা, ১ কোটি টকা মূল্যৰ গাঞ্জা জব্দ…

শোণিতপুৰৰ চাৰিদুৱাৰত আৰক্ষীৰ গুলীচালনা।

গাঞ্জা ব্যৱসায়ীৰ বাহনলৈ গুলীচালনা আৰক্ষীৰ।

চাৰিদুৱাৰৰ বৈঠাভঙা অঞ্চলত সংঘটিত হৈছে এই ঘটনা।

খেদি খেদি হুণ্ডাই i20 বাহনলৈ গুলীবৰ্ষণ কৰাৰ পিছতে বাহনখন এৰি পলায়ন কৰে আৰোহীয়ে।

AS 01BJ 0061 নম্বৰৰ এখন i20 বাহনেৰে গাঞ্জা নি থকাৰ খবৰ পাই আৰক্ষীয়ে বাহনখন ৰখাবলৈ চেষ্টা কৰে যদিও পলাবলৈ চেষ্টা কৰে।

চাৰিদুৱাৰ আৰক্ষীয়ে খেদি খেদি বাহনখনলৈ দুই জাঁই গুলী চলাই অৱশেষত ৰখাবলৈ সক্ষম হয়।

বাহনখনৰ পৰা আৰক্ষীয়ে জব্দ কৰে ৪২ বেগ গাঞ্জা।

জব্দকৃত গাঞ্জাখিনিৰ বজাৰ মূল্য প্ৰায় ১ কোটি ৫০ হাজাৰ টকা হ’ব বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

Related Articles

Back to top button