গাই গৰুৱে জন্ম দিলে দুই মুখ, দুখন কান আৰু চাৰি চকুৰ পোৱালি! তীব্ৰ কৌতূহল

May 25, 2021 0 By NEWS DESK

নিউজ ডেস্ক। বিচিত্ৰ জগত-বিচিত্ৰ সময়ত যেন এক বিচিত্ৰ কাহিনী।

এইবাৰ এজনী গাই গৰুৱে জন্ম দিলে এক ব্যতিক্ৰম গৰু পোৱালি। দুখন মুখ, দুখন কান আৰু চাৰিটা চকু থকা গৰু পোৱালি।

সেয়েহে ইয়াক অলৌকিক বুলি ভাবি ললে স্থানীয় লোকে।

বয়ােজ্যেষ্ঠ সকলৰ মতে তেওঁলোকৰ জীৱন কালত এনে দৃশ্য প্ৰত্যক্ষ কৰা এইয়াই প্ৰথম। গতিকে ই বিস্ময়কৰ।

বিশ্ব কল্যাণৰ বাবেহে ভগৱানে এই ৰূপ লৈ পৃথিৱীত ধৰা দিছে বুলি ক’লে বহু লােকে।

বহুতে এইয়া কোৰোনা কালত স্বয়ং ভগৱানৰে আবিৰ্ভাৱ বুলি ভাবি ল’লে।

কোনোৱে যদি কলে সেইয়া কৃষ্ণ, কোনোৱে কলে বিষ্ণু, কোনোৱে কলে আকৌ সেইয়া লক্ষ্মীৰহে আগমন। মুঠতে নানা জনৰ নানা মত।

সেয়েহে সকলোৱে ভগৱান বুলি বিবেচনা কৰি গৰুক ৰাখিলে সুন্দৰ স্থানত। আৰু কৰিলে পূজা-অৰ্চনা। এই ঘটনা হৈছে বিহাৰৰ কাতিহাৰৰ।

জানিব পৰা মতে, এই ব্যতিক্ৰম গৰু পোৱালিটো জন্ম হয় ফছিয়া কুছৱাহা গাৱঁৰ সুনীল সিঙৰ ঘৰত।

এই খবৰ অঞ্চলটোত বিয়পি পৰাৰ লগে লগেই গৰু পোৱালিটো এবাৰ চাবলৈ অজস্ৰজনে ভিৰ কৰেহি সুনীল সিঙৰ ঘৰত।

উল্লেখ্য যে সুনীল সিঙৰ ঘৰত এতিয়া নিতৌ গৰু পোৱালিটোক কৰা হৈছে পূজা।

অঞ্চলটোৰ বহুতো লোকে আহি পূজা কৰিছেহি গৰু পোৱালিটোক। ই যেন অঞ্চলটোত এতিয়া হৈ পৰিছে এক কৌতূহলৰ বিষয়।

লগতে চাওকঃ

অৰুণাচল প্ৰদেশ চৰকাৰৰ প্ৰাক্তন মন্ত্ৰীৰ ক’ভিড-১৯ত মৃত্যু