
গাঁৱে-চহৰে নিজৰ ফটো দেখি লাজ লাগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। সেইবাবে তেওঁ তেওঁৰ ফটো অধিক ব্যৱহাৰ নকৰিবলৈ সকলোকে আহ্বান জনায়।
মুখ্যমন্ত্ৰী শৰ্মাৰ মতে তেওঁৰ ছবি মানুহৰ হৃদয়ত অংকন হওক, কিন্তু গাঁও-চহৰৰ বাটে ঘাটে তেওঁৰ নিজৰ ফটো দেখি নিজৰেই লাগে লাগে। গতিকে যাতে তেওঁ লাজ কমকৈ পাবলগা হয়, তাৰ বাবে ফটোৰ ব্যৱহাৰ কমাবলৈ মুখ্যমন্ত্ৰীয়ে দলীয় কৰ্মকৰ্তাক আহ্বান জনায়।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “নিৰ্বাচনৰ পূৰ্বে পোষ্টাৰ-বেনাৰ-মেনিফে’ষ্ট যিখিনি ৰাজ্যিক কমিটিয়ে কৰে, সেয়া কৰিবই। ৱাল আদিত যদি কোনোবাই অনুমতি লৈ লেখা-লেখি কৰে, নিৰ্বাচনৰ পিছত যাতে সেইখিনি মচি দিয়ে।”
তেওঁ লগতে কয়, “অত্যাধিক মুখ্যমন্ত্ৰীৰ ফটো লগোৱা কাম কৰিব নালাগে। সকলোৰে হৃদয়ত মুখ্যমন্ত্ৰীৰ ফটোতো যাবলৈ দিয়ক। গাঁও-চহৰলৈ গ’লে মোৰ ফটো দেখি নিজৰেই লাজ লাগে। গতিকে মই যাতে লাজ কমকৈ পাওঁ, তাৰ বাবে ফটো কমকৈ ব্যৱহাৰ কৰিবলৈকে মই অনুৰোধ কৰিম।”