গহপুৰ, ঢেকীয়াজুলিৰ ৮০ শতাংশ বড়ো লোক থকা মুঠ ৪৩খন গাঁও অন্তৰ্ভুক্ত হ’ব BTRত, ঘোষণা মুখ্যমন্ত্ৰীৰ…

আজি দেশজুৰি উদযাপন কৰা হয় ৭৪ সংখ্যক গণৰাজ্য দিৱস।

খানাপাৰাতো কেন্দ্ৰীয়ভাৱে উদযাপন কৰা গণৰাজ্য দিৱসৰ কাৰ্যসূচীত পতাকা উত্তোলন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

গণৰাজ্য দিৱসৰ অনুষ্ঠানত ভাষণৰ আৰম্ভণিতে সংবিধান প্ৰণেতাক সোঁৱৰণ কৰে মুখ্যমন্ত্ৰীয়ে।

দেশৰ সাৰ্বভৌমত্ব ৰক্ষাৰ বাবে প্ৰাণ আহুতি দিয়া প্ৰতিগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনালে হিমন্ত বিশ্ব শৰ্মাই।

নিজৰ ভাষণত মুখ্যমন্ত্ৰীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে।

গহপুৰ, ঢেকীয়াজুলিৰ ৮০ শতাংশ বড়ো লোক থকা মুঠ ৪৩খন গাঁও অন্তৰ্ভুক্ত হ’ব BTRত।

নিবনুৱা যুৱক–যুৱতীক স্বাৱলম্বী কৰাৰ বাবে ৩ কোটি টকাৰ বিশেষ পুঁজি ঘোষণা মুখ্যমন্ত্ৰীৰ৷

আগন্তুক ২৫ বছৰত দেশৰ লগতে অসমেও শান্তি, প্ৰগতি, দিশত আগবঢ়িব লাগিব বুলি কয় মুখ্যমন্ত্ৰীয়ে৷

এইক্ষেত্ৰত আলফাৰ সতে আলোচনা সম্পন্ন হ’লে অসম শান্তিৰ দ্বীপত পৰিণত হ’ব বুলিও মন্তব্য কৰে ড০ শৰ্মাই৷

ৰাজ্যখনৰ সামগ্ৰী উন্নয়নৰ বাবে বাল্য বিবাহ আৰু বাল্য বিবাহ কৰি সন্তান জন্ম দিবলৈ বাধ্য কৰা সকলৰ বাবে বিপদ বুলি ঘোষণা মুখ্যমন্ত্ৰীৰ৷

এক কথাত এয়া এক যুঁজ ঘোষণা কৰা বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ৷