fbpx
অসম

গণৰাজ্য দিৱসৰ নিৰাপত্তাৰ মাজতে ৰাজ্যত গুলীচালনা! দুৰ্বৃত্তৰ গুলীত আহত এজন ব্যৱসায়ী…

গণৰাজ্যৰ দিৱসৰ কটকটীয়া নিৰাপত্তাৰ মাজতে ৰাজ্যত গুলীচালনাৰ ঘটনা।

দুৰ্বৃত্তৰ গুলীত আহত এজন গহণা ব্যৱসায়ী।

গুলীবিদ্ধ হয় গহণা ব্যৱসায়ী নিভাজ কৰ্মকাৰ।

ঢেকীয়াজুলিৰ মিঠাআমত সংঘটিত হৈছে এই গুলীয়াগুলীৰ ঘটনা।

দোকানৰ পৰা ঘৰলৈ আহি থকা অৱস্থাতে ব্যৱসায়ীজনক দুৰ্বৃত্তই গুলীচালনা কৰে।

দুৰ্বৃত্তই লোকজনৰ পৰা ধন দাবী কৰে আৰু নিদিলে গুলীচালনা কৰিম বুলি সকীয়াই দিয়ে।

এনে অৱস্থাত লোকজনে হাতত ধনা নাই বুলি কোৱাৰ পিছতে গুলীচালনা কৰে দুৰ্বৃত্তই।

দুখন বাইকত আহিছিল ৫জনীয়া দুৰ্বৃত্তৰ দল।

গুলীচালনাত বাঁওহাতত গুলী লাগিছে নিভাজ কৰ্মকাৰৰ।

আহত ব্যৱসায়ীজনক তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!