গছত প্ৰচণ্ড জােৰে খুন্দিয়াই বিধ্বস্ত তীব্ৰবেগী বাহন, নিহত ১

নিউজ ডেস্ক। বিশ্বনাথৰ গহপুৰত চেংমৰাত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত এজন।

এখন চাৰিচকীয়া বাহনে তীব্ৰ বেগেৰে আহি এজোপা গছত খুন্দা মৰাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ।

উক্ত দুৰ্ঘটনাটোত এজন লোক থিতাতে নিহত হোৱাৰ বিপৰীতে আন তিনিজন গুৰুতৰভাৱে আহত হয়।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰৰণ কৰাৰ লগতে দুৰ্ঘটনাগ্ৰস্ত লোক কেইজনৰ দুজন লোকক গহপুৰ চিকিৎসালয়লৈ প্ৰেৰৰণ কৰে।

লগতে আন এজনক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে লখিমপুৰলৈ প্ৰেৰণ কৰা হয় বুলি জানিব পৰা গৈছে।

লগতে চাওকঃ

পত্নীৰ প্ৰতি থকা প্ৰেমৰ বাবেই শিক্ষকে পত্নীক উপহাৰ দিলে ‘তাজমহল’!

Leave a Comment